অসম বিধানসভাৰ শীতকালীন অধিৱেশনঃ মূল্যবৃদ্ধি, বিত্তীয় দুৰৱস্থা, ধাৰাবাহিক এনকাউণ্টাৰকলৈ সৰৱ হ’ব বিৰোধী…

ডিজিটেল ডেস্কঃ সোমবাৰৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন। ৰাজ্যৰ মূল্যবৃদ্ধি, বিত্তীয় দুৰৱস্থা, ভূমি কেলংকাৰীত মুখ্যমন্ত্ৰীৰ নাম সোঙোৰ খাই পৰা আদিকে কৰি বহু কেইটা বিষয়ত সদন উত্তাল কৰি তুলি লোৱাৰ পৰিকল্পনা প্ৰস্তুত কৰিছে। আনহাতে চৰকাৰে এই অধিৱেশনত ১৫ খন নতুন বিধেয়ক উত্থাপন কৰাৰ বাবে প্ৰস্তুতি চলাইছে চৰকাৰে।
বিভিন্ন ইছ্যুক কেন্দ্ৰ কৰি বিৰোধীয়ে সভা স্থগিত ৰখাৰ প্ৰস্তাৱ উত্থাপন কৰাৰ লগতে চৰকাৰৰ প্ৰতিটো জন বিৰোধী নীতিৰ বিৰুদ্ধে সংসদীয় নীতি-নিয়মৰ অধীনত চৰকাৰৰ বিৰোধ কৰা বাবে সাজু হৈছে বিৰোধী। ৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া এই শীতকালীন অধিৱেশনত চৰকাৰে নিৰ্দিষ্ট কেতবোৰ শিতানৰ বাবে অতিৰিক্ত পুঁজি মঞ্জুৰি বিচাৰি পৰিপূৰক দাবী মঞ্জুৰি প্ৰস্তাৱো উত্থাপন কৰিব।
ইফালে ৰাজ্যত চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা বিগত ৭ টা মাহত সংঘটিত হোৱা ধাৰাবাহিক এনকাউণ্টাৰ, মানৱ অধিকাৰ উলংঘন, সামগ্ৰীৰ মূল্যবৃদ্ধি, দুৰ্বল বিত্তীয় পৰিস্থিতি, চৰকাৰে গ্ৰহণ কৰা বহু কেইটা জন বিৰোধী নীতিৰ বাবে চৰকাৰক শলঠেকত পেলবালৈ বিৰোধী পক্ষ সাজু হৈছে। বিৰোধী দলটোৱে অধিৱেশনৰ প্ৰথমটো দিনটেই সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰিবৰ বাবে প্ৰস্তুতি চলাইছে।
ইফালে এই অধিৱেশনৰ মাজতে অসম ভ্ৰমণলৈ আহিবলগীয়া লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ২৪ ডিচেম্বৰত অসম বিধান সভাত উপস্থিত থাকিব। তেওঁ সদনৰ কাম-কাজ পৰিচালনাৰ সকলো বোৰ বিষয় নিজে চোৱাৰ উপৰিও বিধায়কসকলৰ লগত মত বিনিময় কৰিব।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/33JwNE9
via IFTTT
Comments
Post a Comment