কেনেকৈ সাপে খুটিছিল চলমানক? ক’লে নিজ মুখে…

ডিজিটেল ডেস্কঃ আদি চলমান খানৰ ওপজা দিন। জন্মদিনৰ এটা দিনৰ পূৰ্বে অভিনেতা গৰাকীক দংশন কৰিছিল এটা বিষাক্ত এটা সাপে। এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত চলমানে শেহতীয়াকৈ সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে কিছু কথা। অভিনেতাগৰাকীয়ে সংবাদমাধ্যমৰ সন্মুখত কয়- মই ফাৰ্ম হাউচত আছিলো আৰু সেই সময়ত দেখিলো যে এটা সাপ ঘৰৰ ভিতৰলৈ আহিছিল। মই সাপটো মৰাৰ পৰিৱৰ্তে লাঠীৰে বাহিৰলৈ উলিয়াবলৈ চেষ্টা কৰিছিলো।
অভিনেতাগৰাকীয়ে লগতে কয়,- মই লাঠীৰে বাহিৰলৈ উলিয়াবলৈ লওঁতেই সাপটো লাহে লাহে মোৰ হাতৰ ফালে আহি মোক দংশন কৰে। মই সাপটোক হাতেৰে ধৰি লৈছিলো, সেই সময়তে মোক তিনিবাৰকৈ দংশন কৰিছিল সাপটোৱে। ‘
অভিনেতাগৰাকীয়ে সদৰি কৰে যে সাপে দংশন কৰাৰ পাছত তেওঁক লগে লগে হস্পাতালত ভৰ্তি কৰা হয়। প্ৰায় ৬ঘন্টা ধৰি হস্পাতালত চিকিতসা প্ৰদান কৰাৰ পাছতহে তেওঁ সুস্থ হয়। উল্লেখ্য যে, সংবাদমাধ্যমৰ আগত চলমানে সদৰি কৰে যে, সাপে দংশন কৰাৰ পাছত তেওঁ এন্টিভেনম ভেকচিন গ্ৰহণ কৰে।
ইফালে ৫৬সংখ্যক জন্মদিন উপলক্ষে আজি পনৱেল ফাৰ্ম হাউচতে থাকিব চলমান। জন্মদিন উপলক্ষে বিভিন্নজনে চলমানক যাচিছে শুভকামনা।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3qtcoLi
via IFTTT
Comments
Post a Comment