সন্মুখত বৰদিন আৰু নৱবৰ্ষঃ অমিক্ৰন প্ৰতিহত কৰিবলৈ দিব নেকি নৈশ কাৰ্ফিউ….

ডিজিটেল ডেস্কঃ দেশত কোৰোনাৰ নতুন প্ৰকাৰ অমিক্ৰনত আক্ৰান্তৰ সংখ্যা ২০০ ৰ ঘৰ অতিক্ৰম কৰিলে। এনে সময়ত এই নতুন কোৰোনাৰ প্ৰকাৰক লৈ চিন্তিত হৈ পৰিছে দেশৰ স্বাস্থ্যমন্ত্ৰালয়। কোৰোনাৰ এই নতুন প্ৰকাৰ ডেল্টা প্ৰকাৰতকৈ তিনিগুণ বেছি সংক্ৰামক আৰু কোৰোনাক অন্যান্য প্ৰকাৰতকৈ অধিক মাৰাত্মক বুলি কোৱা হৈছে। সেয়েহে ভাৰতত অমিক্ৰনত আক্ৰান্তৰ সংখ্যা ২০০ ৰ ঘৰ অতিক্ৰম কৰাৰ পিছতে কেন্দ্ৰই ৰাজ্য চৰকাৰসমূহে সতৰ্ক কৰি দি প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছে।
কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰালয়ৰ ফালৰ পৰা কোৱা হৈছে যে, দেশত অমিক্ৰনত আক্ৰান্তৰ সংখ্যা ২০০ ৰ ঘৰ অতিক্ৰম কৰিলে। এনে সময়ত অমিক্ৰন প্ৰতিহত কৰিবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইফালে সমাগত বৰদিনৰ লগতে নতুন বছৰৰ এই সময়ছোৱাত দেশৰ বিভিন্ন প্ৰান্তত বৰদিন আৰু নতুন বছৰক আদৰণি জনোৱাৰ নামত অনুষ্ঠিত হ’ব এক উৎসৱ মুখৰ পৰিবেশ। এনে পৰিস্থিতিত অমিক্ৰন অধিক সংক্ৰমণ হোৱাৰ আশাংকা প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰালয়ে। সেয়েহে এই সময়ছোৱাত অমিক্ৰনক কিদৰে প্ৰতিহত কৰিব পাৰি সেই বিষয়ে চিন্তা চৰ্চা কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে। প্ৰয়োজন সাপেক্ষে নৈশ কাৰ্ফিউৰ ব্যৱস্থা কৰিবলৈও কোৱা হৈছে।
কেন্দ্ৰই এই সন্দৰ্ভত ৰাজ্যসমূহলৈ এক পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰখনত স্থানীয় আৰু জিলা পৰ্যায়ত ভাইৰাছ সংক্ৰমনৰ প্ৰতিৰোধ সম্পৰ্কীয় নিয়মবোৰ কঠোৰভাৱে পালন কৰিবলৈ কোৱা হৈছে। ভাইৰাছৰ প্ৰৱণতা আৰু সংক্ৰমণৰ অৱস্থানৰ তথ্য নিবিড়ভাৱে পৰীক্ষা কৰিবলৈও পৰামৰ্শ দিয়া হৈছে।
উল্লেখ্য যে, কৰ্ণাটকে ৩০ ডিচেম্বৰৰ পৰা ২ জানুৱাৰীলৈ ৰাজ্যখনত কোনো সমদল বাহিৰ কৰা বা অনুষ্ঠানৰ অনুমতি প্ৰদান নকৰে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই এই সন্দৰ্ভত কৈছে যে, কোভিজ-১৯ আৰু অমিক্ৰন প্ৰকাৰৰ প্ৰতি লক্ষ্য ৰাখি নৱবৰ্ষ উদযাপনৰ ওপৰত কেইবাটাও নিষেধাজ্ঞা আৰোপ কৰা হৈছে। চেন্নাইৰ স্থানীয় সংস্থাসমূহক সমুদ্ৰ তীৰত নৱ বৰ্ষ উদযাপনৰ ক্ষেত্ৰত কেইবাটাও সাৱধানতামূলক ব্যৱস্থা ৰূপায়ণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
মুম্বাইত বি এম চিয়ে লোকসকলক খ্ৰীষ্টমাছ আৰু নৱবৰ্ষৰ পাৰ্টি পৰিহাৰ কৰিবলৈ আহ্বান জনাইছে। ৰাইজক বিবাহ আৰু অন্যান্য অনুষ্ঠানত উপস্থিতি থকা সম্পৰ্কীয় নিয়মবোৰ কঠোৰভাৱে অনুসৰণ কৰিবলৈ কোৱা হৈছে। মানুহক ভিৰ পৰিহাৰ কৰিবলৈ কোৱা হৈছে। হোটেল, ৰেষ্টুৰেণ্ট, মল, বাৰ আৰু অন্যান্য ৰাজহুৱা স্থানবোৰক ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ কোভিড প্ৰটোকল কঠোৰভাৱে অনুসৰণ কৰিবলৈ কোৱা হৈছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/32sTs6P
via IFTTT
Comments
Post a Comment