আজি পৱিত্ৰ বৰদিন…

ডিজিটেল ডেস্কঃ আজি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ধৰ্মীয় উৎসৱ বৰদিন। বৰদিন উপলক্ষে বিশ্বজুৰি খ্ৰীষ্টানধৰ্মৰ লোকসকলৰ মাজত দেখা হৈছে ব্যপক উছাহ উদ্দীপনা। সমগ্ৰ বিশ্বৰ লগতে অসমতো পূৰ্বৰ তুলনাত এইবাৰ অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে বৰদিন।
দেশ-বিদেশৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ পাণবজাৰস্থিত গীৰ্জাঘৰতো বৰদিনৰ অনুষ্টুপীয়াভাৱে আয়োজন কৰা হৈছে । আজি পুৱা ৯ বজাৰ পৰাই সকলোৱে গীৰ্জাত উপস্থিত হৈ কৰিব পাৰিব প্ৰাৰ্থনা, কিন্তু কোভিড নিয়ম সকলোৱে মানি চলিব লাগিব।
অনাড়ম্বৰভাৱে বিভিন্নৰঙী আলোকৰসজ্জাৰে মহানগৰীৰ গীৰ্জাসমূহ সজাই তোলাৰ লগতে আজিৰ দিনটোত কেৰলৰ ধব্বনিৰে মুখৰিত হ’ব গীৰ্জাসমূহ। ইফালে দেশবাসীক ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ আৰু প্ৰধানমন্ত্ৰীয় টুইটাৰযোগে জনালে বৰদিনৰ শুভেচ্ছা।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3JkRqGT
via IFTTT
Comments
Post a Comment