২৪ ডিচেম্বৰৰ পৰা বিহপুৰীয়াত অনুশীলনৰ নাট সমাৰোহঃ মৰনোত্তৰভাৱে শিশু মহীয়ান ভৱ শৰ্মা ভড়ালীলৈ বিশেষ সন্মান…

ডিজিটেল সংবাদ বিহপুৰীয়া: নাট্য চিন্তাৰ উন্মেষক অনুশীলন,বিহপুৰীয়াৰ উদ্যোগত অহা ২৪ ডিচেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ডা০ যতীন্দ্ৰ মোহন বৰা সোঁৱৰণী তথা যশস্বী নাট্যকাৰ পৰিচালক সেৱাব্ৰত বৰুৱা, আধুনিক বিহপুৰীয়াৰ স্ৰষ্টা নগেন গোস্বামী আৰু বিশিষ্ট সমাজকৰ্মী মহেন শৰ্মাৰ স্মৃতিত উৎসৰ্গিত অনুশীলন নাট সমাৰোহখনি স্থানীয় জনজাতি কৃষ্টি বিকাশ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব৷ প্ৰথম দিনা সন্ধিয়া ৬ বজাৰ পৰা অনুশীলনৰ দ্বাৰা সেৱাব্ৰত বৰুৱাৰ ৰচনা আৰু নিপন পূজাৰীৰ পৰিচালনাৰে শৈশৱতে ধেমালিতে, দ্বিতীয় দিনা সন্ধিয়া ৬ বজাৰ পৰা ডিব্ৰুগড়ৰ অজনকা নাট্যগোষ্ঠীৰ দ্বাৰা অসীম কুমাৰ শৰ্মাৰ ৰচনা আৰু পৰিচালনাৰে লাখুটি আৰু তৃতীয় দিনা সন্ধিয়া ৬ বজাৰ পৰা নগাৱঁৰ জ্যোতিশিল্পৰ দ্বাৰা নৱজ্যোতি বৰাৰ ৰচনা আৰু পৰিচালনাৰে ত্ৰাহি দেৱ দামোদৰ নামৰ নাটকেইখন মঞ্চস্থ কৰা হ’ব ৷

ইপিনে অনুশীলনে প্ৰতি বছৰে প্ৰদান কৰি অহা ডা০ যতীন্দ্ৰ মোহন বৰা সোৱঁৰণী অনুশীলন সেৱা বঁটা – ২০২১ ঘোষণা কৰা হয় । এই উদ্দেশ্যে নাট সমাৰোহ উদযাপন সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত উদযাপন সমিতিয়ে বঁটা প্ৰাপকৰ নাম ঘোষণা কৰে৷চলিত বৰ্ষত এই বঁটা মৰনোত্তৰভাৱে প্ৰদান কৰা হ’ব বিহপুৰীয়াৰ সমাজ জীৱনৰ লগত ওতঃপ্ৰোতঃভাৱে জড়িত, ৰেডক্ৰছ চচাইটিৰ আজীৱন সভ্য, বিশিষ্ট শিক্ষাবিদ তথা সদৌ অসম মইনা পাৰিজাতৰ দ্বাৰা শিশু মহীয়ান উপাধিপ্ৰাপ্ত ভৱ শৰ্মা ভড়ালীক ৷

পূৰ্বে এই বটাঁ বিহপুৰীয়াৰ বিশিষ্ট সমাজকৰ্মী স্মৃতিসূৰ্য গোলোকচন্দ্ৰ হাজৰিকা আৰু মৰনোত্তৰভাৱে শিক্ষাবিদ সমাজকৰ্মী তৰুণ চন্দ্ৰ নেওগক প্ৰদান কৰা হৈছিল ৷ সংবাদমেলত উপস্থিত থকা অনুশীলনৰ সভাপতি ৰঞ্জিত প্ৰসাদ, উপ-সভাপতি প্ৰশান্ত বৰুৱা, উপ-সভাপতি নিপন পূজাৰী, সম্পাদক মনোজ কুমাৰ শইকীয়াৰ লগতে উদযাপন সমিতিৰ সভাপতি কিৰণ চন্দ্ৰ শৰ্মা, উপ-সভাপতি ডা০ বিপুল কুমাৰ নেওগ, ভৱকান্ত পূজাৰী, সম্পাদক সীমান্ত শৰ্মা আৰু সহকাৰী সম্পাদক অসীম জ্যোতি ফুকন আৰু হীৰক ৰক্তিম বৰাৰ লগতে ডা০ যতীন্দ্ৰ মোহন বৰাৰ পৰিয়ালবৰ্গই নাট সমাৰোহখনি সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত বিহপুৰীয়াবাসীৰ সহায় সহযোগিতা কামনা কৰে৷



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3e3oYLk
via IFTTT

Comments