মাধৱদেৱ বিশ্ববিদ্যালয় শিক্ষক সংস্থাৰ প্ৰথম দ্বি-বাৰ্ষিক অধিবেশনঃ ‘পত্নী প্ৰসাদ’ ভাওনাই মুহিলে সহস্ৰাধিক দৰ্শকক…

ডিজিটেল সংবাদ শিমলুগুৰিঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰস্থিত মাধৱদেৱ বিশ্ববিদ্যালয় শিক্ষক সংস্থাৰ প্ৰথম দ্বি-বাৰ্ষিক অধিবেশনখনি মঙ্গলবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে বিশ্ববিদ্যালয়খনিৰ প্ৰাংগণত অনুষ্ঠিত হয় ৷মঙ্গলবাৰে পুৱা ১০ বজাত মাধৱদেৱ বিশ্ববিদ্যালয় শিক্ষক সংস্থাৰ পতাকা উত্তোলন কৰে সংস্থাৰ সভাপতি মাখন তামুলীয়ে ৷পুৱা ১০,৩০ বজাত ছহিদ তৰ্পন কৰে সম্পাদক ড০ মহেন্দ্ৰ হাজৰিকাই ৷ পুৱা ১১ বজাৰ পৰা বিশ্ববিদ্যালয়খনিৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ৰচনা, আকস্মিক বক্তৃতা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷
বিয়লি ১ বজাৰ পৰা মাধৱদেৱ বিশ্ববিদ্যালয়ৰ শিক্ষক সংস্থাৰ সাধাৰণ পৰিষদৰ সভাখনি অনুষ্ঠিত হয়৷ উক্ত সভাতে সম্পাদকৰ প্ৰতিবেদন পাঠ আৰু গ্ৰহণ কৰা হয় ৷ সন্ধ্যা ৫ বজাৰ পৰা অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানটি উদ্বোধন কৰে শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে ৷ অনুষ্ঠানত মাধৱদেৱ বিশ্ববিদ্যালয় শিক্ষক সংস্থাৰ উদ্যোগত আৰু নাৰায়ণপুৰৰ মনিকাঞ্চন কলা নিকেতনৰ সহযোগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘পত্নী প্ৰসাদ’ ভাওনা প্ৰদৰ্শন কৰে ৷
মাধৱদেৱ বিশ্ববিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ দ্বাৰা পৰিবেশন কৰা উক্ত ভাওনাই সহস্ৰাধিক দৰ্শকক মুহিবলৈ সক্ষম হয় ৷ বুধবাৰে পুৱা ১০ বজাত সংস্থাৰ সভাপতি মাখন তামুলীৰ সভাপতিত্বত মুকলি সভাখনি অনুষ্ঠিত হ’ব ৷ বিশ্ববিদ্যালয়খনিৰ উপাচাৰ্য ড০ দিবাকৰ চন্দ্ৰ ডেকাই শুভ উদ্ধোধন কৰিবলগীয়া সভাখনিত সন্মানীয় অতিথি হিচাপে বিশ্ববিদ্যালয়খনিৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক ড’ শৰৎ চন্দ্ৰ হাজৰিকা, বিশিষ্ট অতিথি হিচাপে উচ্চ শিক্ষাধিকাৰ, অসমৰ ধৰ্মকান্ত মিলি, মুখ্য অতিথি হিচাপে বিহপুৰীয়া বিধান সভা সমষ্টিৰ বিধায়ক ড০ অমিয় কুমাৰ ভূঞাৰ লগতে বিশ্বনাথ আৰু লখিমপুৰ জিলাৰ অন্তৰ্গত কেইবাখনো মহাবিদ্যালয়ৰ অধ্যক্ষ, শিক্ষক প্ৰতিনিধি, শিক্ষাবিদ আৰু সমাজকৰ্মীয়ে অংশগ্ৰহণ কৰিব ৷
সভাত মুখপত্ৰ উন্মোচন কৰা হ’ব ৷ দিনৰ ১২ বজাত ‘অসমত ৰাষ্ট্ৰীয় শিক্ষানীতি ৰুপায়নৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়সমূহৰ ভূমিকা’ শীৰ্ষক বিষয়ৰ ওপৰত বাৰ্ষিক বক্তৃতানুষ্ঠানটি অনুষ্ঠিত হ’ব ৷ অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে অসমৰ শিক্ষা বিভাগৰ উপদেষ্টা অধ্যাপক ড’ ননীগোপাল মহন্তই অংশগ্ৰহণ কৰিব ৷
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3edNhGm
via IFTTT
Comments
Post a Comment