নিয়ম ভংগ কৰি বিপদত আলিয়াঃ গোচৰ দিব বি এম চিয়ে…

ডিজিটেল ডেস্কঃ বিতৰ্কই লগ নেৰে বলিউডক। এজনৰ পিছত আন এজন বলিউড চেলিব্ৰেটি বিতৰ্কত সোমাই সংবাদ শিৰোনাম দখল কৰি আহিছে। শেহতীয়াকৈ প্ৰৱঞ্চনাৰ গোচৰত জড়িত হৈ পৰিছিল বলিউডৰ মোহময়ী অভিনেত্ৰী জেকলিন ফাৰ্নানেণ্ডেজ। এইবাৰ পুনৰ বিতৰ্কত সোমাই পৰিছে আন এগৰাকী বলিউড অভিনেত্ৰী।
কোৰোনাৰ নীতি নিয়ম ভংগ কৰাৰ অপৰাধত বলিউড অভিনেত্ৰী আলিয়া ভাটৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ তৰাৰ নিৰ্দেশ দিয়া হৈছে। বি এম চি কৰ্তৃপক্ষই আলিয়াৰ বিৰুদ্ধে গৃহ সংৰক্ষণ নিয়ম ভংগ কৰাৰ বাবে গোচৰ ৰুজু কৰিবলৈ সাজু হৈছে।
অনিলক কাপুৰৰ জীয়ৰীৰ এক পাৰ্টিত অংশগ্ৰহণ কৰাৰ পিছতে কৰীণা কাপুৰ আৰু আন এগৰাকী অভিনেত্ৰী কোৰোনাত আক্ৰান্ত হৈছিল। ইয়াৰ পিছতে সেই পাৰ্টিত থকা আন আন সকলৰো কোৰোনাৰ পৰীক্ষা কৰোৱা হৈছিল। অৱশ্যে আনসকলৰ লগতে আলিয়াৰো কোৰোনাৰ পৰীক্ষাৰ ৰিজাল্ট নেতিবাচক আছিল।
কিন্তু বি এম চিৰ নিয়ম অনুসৰি কোৰোনাৰ পজিটিভৰ সংস্পৰ্শত থাকিলে সেই নিৰ্দিষ্ট ব্যক্তিজন ১৪ দিন পৃথকে থাকিব লাগে। কিন্তু আলিয়াই সেই নিয়ম ভংগ কৰি ব্ৰহ্মাস্ত্ৰ নামৰ ছবিখনৰ মোচন পোষ্টাৰ কৰিবলৈ ৰণবীৰ কাপুৰৰ সৈতে দিল্লী ভ্ৰমণ কৰিছিল।
দিল্লী ভ্ৰমণ কৰা আলিয়াই এই সময়ছোৱাত বহু লোকৰ সংস্পৰ্শলৈ আহিছিল। সেয়েহে আলিয়াৰ এই কাৰ্য বি এম চিৰ নীতি-নিয়মৰ বিৰোধ আছিল। এনেদৰে বি এম চিৰ নীতি-নিয়ম এইদৰে ভংগ কৰাৰ বাবে এতিয়া তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ কোৱা হৈছে।
বি এম চি জনস্বাস্থ্য সমিতিৰ অধ্যক্ষ ৰাজুল পেটেলে কয়, “মই ডি এম চি স্বাস্থ্য বিভাগক গৃহ বিচ্ছিন্নতা নিয়ম উলংঘা কৰাৰ বাবে আলিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ নিৰ্দেশ দিছো। তেওঁ এজন চেলিব্ৰেটি, সেয়েহে তেওঁ দায়িত্বশীল আচৰণ কৰিব লাগিছিল। নিয়মবোৰ সকলোৰে বাবে একেই। ‘
আলিয়াৰ মেনেজাৰক বুধবাৰে বি এম চিৰ এইচ-ৱেষ্ট ৱাৰ্ডৰ স্বাস্থ্য বিভাগে তেওঁৰ দিল্লী ভ্ৰমণৰ বিষয়ে তথ্য পোৱাৰ পিছত যোগাযোগ কৰিছিল। স্বাস্থ্য বিভাগে আলিয়াক কৈছিল যে আপুনি নিয়ম ভংগ কৰিছে, সেয়েহে আপুনি দিল্লীত থাকক। মুম্বাইলৈ ঘূৰি নাহিব, যাতে ভাইৰাছ অধিক লোকলৈ বিয়পি নপৰে। কিন্তু এইবাৰো আলিয়াই বি এম চিৰ নিৰ্দেশনা অমান্য কৰিছিল আৰু নিশা পলমকৈ মুম্বাইলৈ উভতি আহিছিল। গতিকে এতিয়া অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে পেণ্ডেমিক আইনৰ অধীনত গোচৰ ৰুজু কৰা হ’ব।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3DXrRrG
via IFTTT
Comments
Post a Comment