উভতি চাওঁ

এটা নতুন বছৰক আদৰিবলৈ আৰু মাথোঁ কেইটামান প্ৰহৰ বাকী থকা অৱস্থাত পাৰ হৈ যোৱা বছৰটোৰ আশা-সপোন, পোৱা-নোপোৱা, হর্ষ-বেদনা, চিন্তা-দুশ্চিন্তাৰ হিচাপ লোৱাৰ লগতে নতুন সময়ক ন ৰূপত আৱাহনৰ সময় এয়া। অসমবাসীৰ বাবে ২০২১ বৰ্ষটো যেন আশা-নিৰাশাৰ মিশ্রিত অনুভৱেৰে সম্পৃক্ত। উভতি চালে দেখিম যে ২০২০ৰ কোৰোনাৰ বিভীষিকাৰ শাম কটাৰ পিচত ২০২১ বৰ্ষটোৰ আদৰণী পর্ব কিছু সুখকৰ আছিল; কিন্তু তিনি মাহমান পাৰ হোৱাৰ পিচতে পুনৰ আতংকৰ পৰিবেশৰ সৃষ্টি হয়। ভয়ংকৰ ভাইৰাছৰ গ্ৰাসত বহুজনে হেৰুৱালে আপোনজনক।
সমাজ জীবনেও হেৰুৱালে সাহিত্য-সংস্কৃতিকে ধৰি নানা ক্ষেত্ৰৰ ভালেসংখ্যক গুণী-জ্ঞানী ব্যক্তিক।
ক’ভিডকালীন পৰিস্থিতিতো সকলো বাধা-নিষেধ হেলাৰঙে উলংঘা কৰি ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ নামত জধে-মধে পতা সভা-সমিতি আদিৰ পৰাই যে ক্রমে কোৰোনাৰ সংক্ৰমণ বৃদ্ধি পাইছিল, সেই কথা ইতিমধ্যে স্পষ্ট হৈ পৰিছিল। যি কি নহওক, দিছপুৰত পূৰ্বৰ স্বাস্থ্য মন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপিৰ দ্বিতীয়খন চৰকাৰ অধিষ্ঠিত হ’ল।
মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ড° শৰ্মাই নিষিদ্ধ ড্ৰাগছ, গৰু আদিৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাত ৰাজ্যখনৰ চহৰে-নগৰে আৰক্ষীৰ তৎপৰতা লক্ষণীয় হৈ পৰে। আনকি মুখ্যমন্ত্ৰীৰ পৰা অপৰাধীক ‘ভৰিত গুলীওৱা পেটাৰ্ন’ৰ সেউজ সংকেত পোৱাৰ পিচতে কেইবাটাও ড্ৰাগছ বেপাৰীক আৰক্ষীয়ে গুলীবিদ্ধ কৰাৰ ঘটনাও সংঘটিত হয়। ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা কঠোৰ অভিযানক সৰ্বস্তৰৰ লোকে আদৰণি জনায় যদিও এই নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ উৎস আজিকোপতি বন্ধ কৰিব নোৱৰাটো চৰম ব্যৰ্থতাৰ পৰিচায়ক।
গৰুৰ চোৰাং বেপাৰৰ ক্ষেত্ৰতো একে কথাই হৈছে। আনহাতে ২৪ ঘণ্টাই মুখ্যমন্ত্ৰীৰ কাৰ্যালয় খোলা ৰখা, প্রতি বুধবাৰে কেবিনেট বৈঠক পতা, দিছপুৰৰ পৰিবৰ্তে দূৰৈৰ অঞ্চলত কেবিনেট বৈঠক অনুষ্ঠিত কৰা আদি কাৰ্যৰে চৰকাৰখনে অধিক কর্মতৎপৰতাৰ পৰিচয় দিলেও ৰাইজে তাৰ সুফল কেনেধৰণে লাভ কৰে, সেয়া সময়তহে গম পোৱা যাব। কিন্তু মুখ্যমন্ত্ৰীয়ে ৰাজনৈতিক চাতুৰীৰে বিৰোধীৰ শক্তি হ্রাস কৰা আৰু ৰাজপথৰ আন্দোলনক একপ্ৰকাৰ গুৰুত্বহীন কৰি তোলাটো বছৰটোৰ ৰাজনৈতিক প্রেক্ষাপটৰ এটা উল্লেখনীয় পৰিঘটনা।
ইছনৰ লগতে অত্যাবশ্যকীয় খাদ্য সামগ্রীকে ধৰি বজাৰৰ জুই-ছাই দামে গোটেই বছৰটো জনসাধাৰণক জুৰুলা কৰিলে। ইয়াৰ বিপৰীতে ৰাজ্যৰ আর্থিক অবস্থা সন্তোষজনক নহ’লেও বিজেপি চৰকাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰি মাইক্ৰ’ফাইনেন্সৰ ঋণ বেহাইৰ ব্যৱস্থা কৰাটো তাৎপর্যপূর্ণ। নুমলীগড় শোধনাগাৰত অসম চৰকাৰৰ অংশ ১২ শতাংশৰ পৰা ২৬ শতাংশলৈ বৃদ্ধি ২০২১ বৰ্ষত চৰকাৰে লোৱা এটা অতি প্রশংসনীয় পদক্ষেপ। কিন্তু এই সময়তেই নগাঁও আৰু কাছাৰ কাগজ কল দুটা পুনৰুজ্জীৱিতকৰণৰ সকলো দুৱাৰেই বন্ধ কৰি পেলোৱা হয়। চৰকাৰে জাতীয় অর্থনীতিত সহায় হ’ব পৰাকৈ ছিপাঝাৰৰ গৰুণুটিৰ প্ৰকল্প ৰূপায়ণত গুৰুত্ব আৰোপ কৰে যদিও ইয়াৰ বেদখল উচ্ছেদ অভিযান ৰক্তাক্ত হৈ পৰাটো চৰকাৰী প্ৰশাসনৰে ব্যৰ্থতাৰ পৰিণতি।
ইফালে, বছৰটোৰ পহিলা জুনত হোজাই জিলাৰ লংকাৰ উদালিত এগৰাকী তৰুণ চিকিৎসকৰ ওপৰত হোৱা দলবদ্ধ আক্ৰমণ আৰু শেহতীয়াভাৱে যোৰহাট নগৰৰ মাজ-মজিয়াত এদল উন্মত্ত লোকে এজন আছু নেতাক মৰিয়াই মৰিয়াই হত্যা কৰা জঘন্য ঘটনাই সামাজিক অবক্ষয়ৰ ৰূপটো প্ৰকট কৰি তুলিলে। একেদৰে ৰাজ্যখনত বিশ্ববিদ্যালয়ৰ দৰে উচ্চ শিক্ষানুষ্ঠানৰ মুৰব্বীও বিত্তীয় কেলেংকাৰীত সাঙোৰ খাই পৰাটো মূল্যবোধৰ অৱক্ষয়ৰে জ্বলন্ত উদাহৰণ। বিশ্ববিদ্যালয়, লোকসেৱা আয়োগ আদিয়ে অনুষ্ঠিত কৰা পৰীক্ষা আদিতো নানা জালিয়াতি-বিসংগতি আদি ধৰা পৰা কথা অতিকে চিন্তনীয়।
বছৰটোত একাধিক দুর্নীতিগ্রস্ত আমোলা-বিষয়া মুখ্যমন্ত্ৰীৰ ভিজিলেন্সৰ জালত পৰিল। পিচে ন ন তথ্য-প্রমাণ ওলোৱাৰ পিচতো এ পি এছ চি কেলেংকাৰীত জড়িত একাংশ বিষয়া সাৰি থাকিব পৰাটো আশ্চর্যজনক। জনসাধাৰণৰ মৌলিক সমস্যাবোৰ একে থকাৰ লগতে বছৰটোত ৰাজ্যিক সীমাৰ সুৰক্ষাৰো কোনো স্থায়ী সমাধানসূত্র ওলোৱা পৰিলক্ষিত নহ’ল। কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰে উত্তৰ-পূবৰ মুখ্যমন্ত্ৰীবৰ্গৰ বৈঠকৰ এদিন পিচতে হাইলাকান্দিৰ সীমান্তত মিজো আৰক্ষী আৰু দুষ্কৃতিকাৰীৰ আক্ৰমণত অসমৰ জোৱানসহ সাতজনে প্ৰাণ হেৰুৱাবলগা হয়। এই ঘটনা বছৰটোৰ এটা ক’লা অধ্যায়।
বিগত সময়ছোৱাত অসমীয়া ভাষাৰ ওপৰতো নানাধৰণে সংকট নমাই অনা কার্য সংঘটিত হৈছে। এনেবোৰ কথাই উদ্বিগ্ন কৰি ৰাখিলেও এই বছৰতে টকিঅ’ অলিম্পিকত অসম জীয়ৰী লাভলীনা বৰগোহাঁয়ে বক্সিঙত ব্ৰঞ্জৰ পদক জিনি জাতিটোকে জিলিকাই তোলে। একেদৰে অসমৰ যশস্বী কবি নীলমণি ফুকন দেশৰ সাহিত্য ক্ষেত্ৰৰ সৰ্বোচ্চ সম্মান জ্ঞানপীঠেৰে বিভূষিত হোৱাটো জাতিৰ বাবেই গৌৰৱ আৰু আনন্দৰ খবৰ। বছৰটোত অসমৰ কেইবাখনো চলচ্চিত্রই দেশ-বিদেশৰ মহোৎসৱত বিভিন্ন বঁটা সম্মান আদি লাভ কৰিছে। বছৰটোৰ শেষত দুই চৰকাৰী-বেচৰকাৰী আয়োজক সংস্থাৰ সংমিশ্ৰণত গুৱাহাটীত অসম গ্রন্থমেলা অনুষ্ঠিত কৰি জ্ঞান আৰু প্ৰজ্ঞাৰ জগতখনলৈ এক নতুন বতৰা কঢ়িওৱা হৈছে।
শিক্ষা, প্রযুক্তি, স্বাস্থ্য, পৰিবহণ আদি খণ্ডত নতুন নতুন কাম আগবাঢ়িছে। বহু প্রতীক্ষিত যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণৰ কাম আৰম্ভ হৈছে। নিৰাশা আৰু নেতিবাচক কথাবোৰ পাহৰণিৰ গৰ্ভলৈ ঠেলি এনে বহু ইতিবাচক কথা-কামৰ মাজেৰেই আমি সঠিক পথৰ সন্ধান উলিয়াব লাগিব। কোৰোনাৰ নতুন জটিল ৰূপে শংকা নমালেও সতৰ্কতা আৰু সাহসেৰে ইয়াক প্রতিহত কৰিব লাগিব। সকলো দুর্ভাবনা নেওচি ন-সংকল্পৰে স্বাগতম জনাব লাগিব পদুলিত ৰৈ থকা ২০২২ক।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3Hg08EG
via IFTTT
Comments
Post a Comment