‘গ’ল্ডেন গাৰ্ল’ পি টি উষাৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ গোচৰ ৰুজু…

ডিজিটেল ডেস্কঃ এইবাৰ প্ৰৱঞ্চনাৰ অভিযোগ উঠিছে ভাৰতৰ গ’ল্ডেন গাৰ্ল পি টি উষা আৰু আন ৬ গৰাকী ব্যক্তিৰ বিৰুদ্ধে। ইতিমধ্যে পি টি উষাৰ লগতে আন ৬ গৰাকী ব্যক্তিৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ বাবে কেৰালাৰ কোজিকোড আৰক্ষীয়ে আই পি চিৰ ৪২০ ৰ অধীনত এটা গোচৰ ৰুজু কৰিছে। উল্লেখ্য যে, প্ৰাক্তন এথলীট জেমাইমা জোছেফৰ অভিযোগৰ ভিত্তিত পি টি উষা আৰু আনসকলৰ বিৰুদ্ধে এই প্ৰৱঞ্চনাৰ গোচৰ পঞ্জীয়ন কৰা হৈছে।

আৰক্ষীৰ মতে, প্ৰাক্তন এথলীট জেমাইমা জোছেফে অভিযোগ কৰিছিল যে তেওঁ এজন নিৰ্মাতাক ১০১২ বৰ্গ ফিট ফ্লেটৰ সলনি বিভিন্ন কিস্তিত ৪৬ লাখ টকা জমা কৰিছিল। কিন্তু আজিলৈকে নিৰ্মাতাই ফ্লেটটো তেওঁলোকক হস্তান্তৰ কৰা নাই। যোচেফে পি টি ঊষা আৰু আন অভিযুক্তৰ নিৰ্দেশতেই নিৰ্মাতা জনক এই ধন পৰিশোধ কৰিছিল।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3sy1xCz
via IFTTT

Comments