নিৰ্ধাৰিত সময়তকৈ পূৰ্বেই সমাপ্ত হ’ব সংসদৰ শীতকালীন অধিৱেশন! নিলম্বিত সাংসদৰ প্ৰত্যাহৰ নহ’ল নিলম্বন….

ডিজিটেল ডেস্কঃ নিৰ্ধাৰিত সময়তকৈ এটা দিন পূৰ্বেই সমাপ্ত হ’ব সংসদৰ শীতকালীন অধিৱেশন! ২৯ নৱেম্বৰৰ পৰা অনুষ্ঠিত হৈ থকা সংসদৰ দুয়োখন সদনৰ শীতকালীন অধিৱেশন ২৩ ডিচেম্বৰত সমাপ্ত হোৱাৰ কথা আছিল যদিও ইয়াৰ এটা দিন পূৰ্বেই সমাপ্ত হোৱাৰ সম্ভাৱনা আছে। কেন্দ্ৰৰ বিজেপি চৰকাৰে বেছিভাগ আইনী কাৰ্যসূচীয়ে সম্পূৰ্ণ কৰাৰ বাবেই ২২ ডিচেম্বৰ, বুধবাৰে অধ্যক্ষই অনিৰ্দিষ্ট কাললৈ সংসদ স্থগিত ৰাখিব।

উল্লেখ্য যে, সংসদৰ অধিৱেশনৰ প্ৰথমটো দিনৰে পৰা ৰাজ্যসভাত উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈ আহিছে। কিয়নো যোৱা বৰ্ষাকালীন অধিৱেশনৰ সময়ছোৱাতে অধ্যক্ষ ভেংকায়া নাইডুৱে ১২ জন সাংসদক তেওঁলোকৰ উচ্ছৃংখল আচৰণৰ বাবে নিলম্বন কৰিছিল। তেতিয়াৰ পৰা, নিলম্বিত সাংসদসকলে প্ৰতিদিনে সংসদ চৌহদত গান্ধীৰ প্ৰতিমূৰ্তিৰ ওচৰত ধৰ্ণা দি আহিছে। সমান্তৰালকৈ বিৰোধী সদস্যসকলে সংসদৰ ভিতৰে-বাহিৰে এই ১২ জন নিলম্বিত সাংসদৰ নিলম্বন প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাই আহিছে।

নিলম্বিত সদস্যসকলৰ ভিতৰত আছে কংগ্ৰেছৰ ছয়জন সদস্য। তেওঁলোক ক্ৰমে ফুলো দেৱী নেতাম, ছায়া বাৰ্মা, ৰিপুন বৰা, ৰাজমণি পেটেল, চৈয়দ নাছিৰ হুছেইন আৰু অখিলেশ প্ৰসাদ সিং। আনহাতে নিলম্বিত সাংসদসকলৰ ভিতৰত আছে তৃণমূল কংগ্ৰেছৰ দুজন সাংসদ। তেওঁলোক ক্ৰমে দোলা সেন আৰু শান্তা ছেত্ৰী। শিৱসেনাৰ নিলম্বিত সাংসদ দুজন প্ৰিয়ংকা চতুৰ্বেদী আৰু অনিল দেশাই। আনহাতে চিপিআইৰ বিনয় বিশ্বম আৰু চিপিএমৰ ইলামাৰাম কৰিম নিলম্বিত হৈ আছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3FmKBSP
via IFTTT

Comments