আইন কাৰ্যকৰী হোৱাৰ পূৰ্বেই সংশোধনীঃ অসম বিধানসভাৰ তৃতীয় দিনৰ কাৰ্যসূচী আৰম্ভ….

ডিজিটেল ডেস্কঃ অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ তৃতীয়টো দিনৰ কাৰ্যসূচী আৰম্ভ হৈছে। অধিৱেশনৰ তৃতীয়টো দিনত চৰকাৰে উত্থাপন কৰিব কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক। ইয়াৰ সমান্তৰালকৈ বিধানসভাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰো পূৰ্ণ সম্ভাৱনা আছে। বিগত দুটা দিনত অসম বিধানসভাৰ সদনৰ ভিতৰৰ পৰিৱেশ যিদৰে উত্তপ্ত হৈছিল তাৰ পৰাই এই অনুমান কৰিব পাৰি।

অধিৱেশনৰ তৃতীয়টো দিনত সীমান্ত উন্নয়ন, পশুপালন, অসম চুক্তি ৰূপায়ণ আদি বিভাগৰ বহুূ কেইটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হ’ব। বিশেষকৈ অসম চুক্তি ৰূপায়ণৰ ৬ নং দফা সম্পৰ্কে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে প্ৰশ্ন উত্থাপন কৰিব। সেই বিষয়ে আলোচনা হ’ব। এই প্ৰশ্নোত্তৰ কালৰ পিছতে কেইবাখনো বিধেয়ক উত্থাপন কৰা হ’ব।

অধিৱেশনৰ তৃতীয় দিনটোত যি কেইখন বিধেয়ক উত্থাপন কৰিব সেই আটাইকেইখনেই সংশোধনী বিধায়ক। ইয়াৰে অন্যতম এখন বিধেয়ক শংকৰদেৱ বিশ্ববিদ্যালয়ৰ লগত সম্পৰ্কিত। সংশোধিত বিধেয়ক উত্থাপন কৰাৰ প্ৰসংগত কংগ্ৰেছৰ বিধায়ক তথা কাৰ্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থই উল্লেখ কৰিছে যে চৰকাৰে যিসমূহ বিধেয়ক উত্থাপন কৰে সেই বিষয়ত বিৰোধী পক্ষৰ কথা শুনিব নিবিচাৰে। ফলস্বৰূপে বিধেয়ক আইনলৈ পৰিণত হোৱাৰ পিছতেই পুনৰ সংশোধনী কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়।

গো সুৰক্ষা বিধেয়ক বিধানসভাৰ পূৰ্বৰ অধিৱেশনত গৃহীত হোৱাৰ পিছত কাৰ্যকৰী হোৱাৰ পূৰ্বেই এই আইনক লৈ সংশোধনী অনা হৈছে। এই বিষয়ত সমালোচনা কৰিছে কমলাক্ষ দে’ পুৰকায়স্থই। আনহাতে অধিৱেশনত বিধায়ক মনোৰঞ্জন তালুকদাৰে ধন ক্ৰয়, ধানৰ নূন্যতম সমৰ্থিত মূল্য সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিব। এই বিষয়েও আলোচনা হ’ব।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3qk5NCG
via IFTTT

Comments