গোৱালপাৰাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আজৱ কাণ্ড, খেতি পথাৰত যোগান দিছে বিশুদ্ধ খোৱপানী…

ডিজিটেল সংবাদ,কৃষ্ণাই: গোৱালপাৰা জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে জিলা খনৰ বলবলাৰ ফফংগা-খাগ্ৰাবাৰীৰ জনসাধাৰণক বিশুদ্ধ খোৱাপানী যোগান দিয়াৰ নামত লাখ লাখ টকা ব্যায় সাপেক্ষে পানীযোগান ৰ ব্যৱস্থা কৰিছিল ৷কিন্তু পৰিতাপৰ বিষয় যে বিগত ছয় বছৰে অঞ্চলবাসীয়ে খোৱা পানীৰ বাৱে হাহাকাৰ কৰি নদী অথবা খাল-ডঙৰ পানী খাৱ লগা হৈছে ৷ অথচ পানীযোগানৰ আচনিখনো কাৰ্যক্ষম হৈ আছে ৷শুনিলে আচৰিত হব যে বিশুদ্ধ খোৱাপানী যোগান ধৰা হৈছে খেতি পথাৰত ৷

জানিব পৰা মতে গাওঁখনৰ মাজত দুটামান পাইপ সামান্য পৰিমানে ফাটি যোৱাৰ বাবে গাওত পানী যোগান বন্ধ কৰি পানী দিয়া হৈছে খেতি পথাৰত ৷ অভিযোগ উঠা মতে অঞ্চলটোৰ প্ৰতি বিঘা মাটিত পানী যোগানৰ নামত বিভাগটোৰ বিষয়াই লাভ কৰে এহাজৰ টকা কৈ ৷ এতিয়া বিভাগটোয়ে ফাটি যোৱা পাইপ মেৰামতি নকৰি নিজৰ লাভৰ বাবে পথাৰত পানী দিছে ৷স্থানীয় ৰাইজে বহুবাৰ অভিযোগ কৰিছে যদিও আজিলৈ একো কামত নাহিলে ৷

The post গোৱালপাৰাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আজৱ কাণ্ড, খেতি পথাৰত যোগান দিছে বিশুদ্ধ খোৱপানী… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2xf3oOF
via IFTTT

Comments