জাজিয়াবাৰীত পথ দুঘৰ্টনাত অৱসৰপ্ৰাপ্ত চি আৰ পি এফ জোৱান নিহত…

ডিজিটেল সংবাদ,বৰনৰ্দ্দীঃ নলবাৰী সদৰ থানাৰ অন্তৰ্গত  পূৱ প্ৰান্তৰ  জাজিয়াবাৰী চকৰ ৩১নং ৰাট্ৰীয ঘাইপথত সোমবাৰে সন্ধিয়া এজন অৱসৰপ্ৰাপ্ত চি আৰ পি জোৱানৰ পথ দুৰ্ঘটনাত মৃত্যু হয়।মৃত ব্যক্তি জন  নলবাৰী জিলাৰ  পাইকানকুছিৰ (আহিনপুৰ)লাৱন‍্য বৰ্মণ (৬২)বুলি জানিব পৰা গৈছে।

ঘটনাৰ বিৱৰণী মতে লাৱন‍্য বৰ্মনে সোমবাৰৰ সন্ধিয়া প্ৰায় ৭:৩০ বজাৰত জাজিয়াবাৰী চকত বজাৰ কৰি ৰাট্ৰীয় ঘাইপথ পাৰ হবলৈ ধৰোতে নলবাৰী দিশৰ পৰা অহা তীব্রবেগী চাৰিচকীয়া বাহন এখনে প্ৰচণ্ড খুন্দা মৰাত তেওঁৰ থিতাতে মৃত্যু হয়। পিছত তেওক মৰোণত্তৰ পৰীক্ষাৰ বাবে নলবাৰীলৈ অনা হয়।

The post জাজিয়াবাৰীত পথ দুঘৰ্টনাত অৱসৰপ্ৰাপ্ত চি আৰ পি এফ জোৱান নিহত… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/31Sr0qp
via IFTTT

Comments