মথুৰাপুৰৰ বিধ্বস্ত বাট-পথ মেৰামতিৰ দাবীত চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাৰ স্মাৰক পত্ৰ প্ৰদান…

ডিজিটেল সংবাদ,মথুৰাপুৰঃ মেৰামতিৰ অভাৱত বিধ্বস্ত হৈ পৰা বৃহত্তৰ মথুৰাপৰ অঞ্চলৰ বাট- পথসমূহ অতিশীঘ্ৰেই মেৰামতি কৰা দাবী তুলিছে চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাই ৷ সোমবাৰে এই সন্দৰ্ভত সংগঠনটোৰ আঞ্চলিক সমিতিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ চৰাইদেউ জিলাৰ উপায়ুক্তক অনতিপলমে জৰাজীৰ্ণ বাট- পথসমূহৰ মেৰামতিৰ দাবী জনাই এক স্মাৰকপত্ৰ প্ৰদান কৰে ৷

আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা ৰজনী গগৈ আৰু বিশ্ব গগৈ নেতৃত্বত যোৱা এটি প্ৰতিনিধি দলে জিলাৰ উপায়ুক্ত গৰাকীক সাক্ষাৎ কৰি অঞ্চলৰ বিধ্বস্ত বাট পথে সৰ্বসাধাৰণ ৰাইজক যাতায়তৰ ক্ষেত্ৰত নৰক যন্ত্ৰণা ভূগিবলগীয়া পৰিস্থিতি সৃষ্টি হোৱা বুলি অভিযোগ কৰি অতিশীঘ্ৰে মৰণফান্দত পৰিণত হোৱা বাট পথসমূহ মেৰামতি কৰাৰ ব্যৱস্থা গ্ৰহন কৰিবলৈ দাবী জনায় ৷

স্মাৰকপত্ৰ জৰিয়তে সংগঠনটোয়ে বিশেষকৈ মথুৰাপুৰ আৰু লাকুৱা সংযোগী হৰিহট্ৰ পথ আৰু মথুৰাপুৰ সদৰৰ ধোদৰ আলিৰ পথ দুইটাৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈ মৰণফান্দত পৰিণত হৈ পৰা পিচতো গড়কাপ্তানি বিভাগে অতি নিৰ্লজ্জভাৱে চকুমুদা কুলিৰ ভাও ধৰি আহিছে বুলি অভিযোগ তুলিছে ৷

অঞ্চলটোৰ বাট- পথৰ দুৰৱস্থাৰ বাবেই ছাত্ৰ-ছাত্ৰীকে ধৰি ৰোগীক চিকিৎসায়লৈ অহা যোৱা কৰা ক্ষেত্ৰত নানা সমস্যাৰ সন্মুখীন হবলগীয়া হৈ আহিছে ৷ সেয়ে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি অতিশীঘ্ৰেই বিধ্বস্ত হৈ পৰা বাট পথ সমূহ মেৰামতি দাবী জনাই সংগঠনটোয়ে জিলা উপায়ুক্ত গৰাকীক স্মাৰকপত্ৰ প্ৰদান কৰে ৷

The post মথুৰাপুৰৰ বিধ্বস্ত বাট-পথ মেৰামতিৰ দাবীত চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাৰ স্মাৰক পত্ৰ প্ৰদান… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2KB1Ua8
via IFTTT

Comments