ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসৰ উদ্যােগত ৰোগীৰ অধিকাৰ দিৱস উদযাপন

ডিজিটেল সংবাদ, গুৱাহাটীঃ ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসৰ উদ্যােগত মঙলবাৰে ৰোগীৰ অধিকাৰ দিৱস উদযাপন কৰা হয়। লগতে ন্যাসৰ জালুকবাৰীস্থিত স্থায়ী কাৰ্যালয় আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। উদ্বোধনী অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° মৃদুল হাজৰিকা, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য ড° শ্ৰীনাথ বৰুৱা, ন্যাসৰ উপ-সভাপতি ৰজত বৰণ মহন্ত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° দিলীপ বৰাকে প্ৰমূখ্য কৰি বহু লোক উপস্থিত থাকে। চিকিৎসাজনিত সন্ত্রাসবাদৰ অংশৰূপে স্বাস্থ্যৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ ন্যাসে দীৰ্ঘদিন ধৰি কাম কৰি আহিছে।
ড° মৃদুল হাজৰিকাই কয় যে “স্বাস্থ্যৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে ঘোষণা কৰাটো ভাৰতত চিকিৎসাজনিত সমস্যা দূৰ কৰাৰ অন্যতম উপায়। জনসাধাৰণে চিকিৎসাজনিত সন্ত্রাসবাদৰ সন্মুখীন হয় যদিও সেয়া চিকিৎসাজনিত সন্ত্রাসবাদ বুলি গম নাপায়। সমাজত সজাগতা সৃষ্টিৰ জৰিয়তে চলাই অহা এই আন্দোলনে সমাজৰ প্ৰতিজন নাগৰিককে উপকৃত কৰিব”।
ন্যাসে ২৫ জুন তাৰিখটো ৰোগীৰ অধিকাৰ দিৱস হিচাপে পালন কৰি আহিছে, লগতে ন্যাসে ৰোগীৰ ১০ টা কৰ্তব্য আৰু দায়িত্বৰ কথা কৈ আহিছে। ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসে ২০১৫ বৰ্ষৰ পৰা চলাই অহা এই প্ৰচেষ্টাক সকলোৱে শলাগ লয়। শেষত ন্যাসৰ ন্যাসৰক্ষী ড° অংকুৰণ দত্তই ন্যাসৰ বৰ্তমান প্ৰকল্পসমূহৰ বিষয়ে চমু আভাস প্ৰদান কৰাৰ লগতে উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন কৰে।
The post ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসৰ উদ্যােগত ৰোগীৰ অধিকাৰ দিৱস উদযাপন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2KFZ8Af
via IFTTT
Comments
Post a Comment