সৰুপথাৰৰ চুঙাজান-মাজগাওঁ-আমগুৰি সংযোগী পথৰ বিধ্বস্ত ৰূপ

ডিজিটেল সংবাদ, সৰুপথাৰঃ সৰুপথাৰৰ চুঙাজানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আঁচনিয়ে ঢুকি নোপোৱা এটি গ্ৰাম্য পথৰ দুৰৱস্থা। গোলাঘাট দক্ষিণ খণ্ড উন্নয়ন কাৰ্যালয়ৰ অন্তৰ্গত চুঙাজান মাজগাওঁ পঞ্চায়তৰ মাজগাওঁ-আমগুৰি সংযোগী পথটো বিগত দহ বছৰে চৰকাৰে মেৰামতি নকৰাৰ ফলত পথছোৱা বোকাময় হৈ বিধস্ত ৰুপ ধাৰণ কৰিছে।
পথছোৱাৰ জৰাজীৰ্ণ অৱস্থাই জ্বলা কলা দেখুৱাইছে গাঁওবাসীক। স্কুলীয়া ছাত্ৰ-ছাত্ৰী সাধাৰণ পথচাৰী বহু কষ্টৰে অহা যোৱা কৰিবলগা হয় পথটোৱেদি। পথৰ দুৰৱস্থাৰ বাবে গাঁওখনলৈ নাহে ১০৮ মৃত্যুঞ্জয় সেৱা। চৰকাৰ আহে আৰু যায়। পিছে কোনো পৰিৱৰ্তণহে নহয় গাওঁখনৰ ৰাইজৰ। কোনো এখন চৰকাৰৰ গ্ৰাম্য উন্নয়ন আঁচনিয়ে ঢুকি নাপালে পথছোৱা। স্থানীয় ৰাইজে পথছোৱা অতিশ্ৰীঘ্ৰে মেৰামতি কৰাৰ বাবে দাবী জনাইছে।
The post সৰুপথাৰৰ চুঙাজান-মাজগাওঁ-আমগুৰি সংযোগী পথৰ বিধ্বস্ত ৰূপ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2XA38bG
via IFTTT
Comments
Post a Comment