শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ প্ৰস্তুতি তুংগত

ডিজিটেল সংবাদ, শিৱসাগৰঃ ইতিহাস প্ৰসিদ্ধ শিৱসাগৰ চহৰৰ বৰপুখুৰীৰ পাৰত অৱস্থিত শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ে পঞ্চাশটা বছৰ অতিক্ৰম কৰিলে। ২০১৮ বৰ্ষৰ ৩০ জুন আৰু ১ জুলাইত অনুষ্ঠিত হৈছিল শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ আৰম্ভণি অনুষ্ঠান। বৰ্ষজোৰা কাৰ্যসূচীৰে আৰম্ভ হোৱা এই সোণালী জয়ন্তী অনুষ্ঠানৰ সামৰণি অনুষ্ঠান অহা ৩০ জুন আৰু ১ জুলাই ২০১৯ তাৰিখত অনুষ্ঠিত হ’ব। মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী, ছাত্ৰ একতা সভা আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ প্ৰচেষ্ঠাত সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে।

বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হবলগীয়া এই সোণালী জয়ন্তী অনুষ্ঠানৰ প্ৰথম দিনা অনুষ্ঠিত হবলগীয়া সাম্প্ৰতিক সময়ৰ উচ্চ শিক্ষাঃ সংশয় আৰু সম্ভাৱনা শীৰ্ষক বক্তৃতানুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ পাঁচখন বিশ্ববিদ্যালয়ৰ পাঁচজন উপাচাৰ্যই অংশ গ্ৰহণ কৰিব। বক্তৃতানুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ৰঞ্জিত তামুলী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ মৃদুল হাজৰিকা, নেহু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ অছ কে শ্ৰীবাস্তৱ, কৃষ্ণকান্ত সন্দিকৈ মুক্ত ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ হিতেশ ডেকা, অসম ৰাজীৱগান্ধী ইউনিভাৰচিটি অব্ ক’পাৰেটিভ মেনেজমেন্টৰ উপাচাৰ্য ড০ মুনীন কাকতিৰ লগতে ইউ জি চিৰ সদস্য ড০ কিৰণ হাজৰিকা উপস্থিত থাকিব বুলি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৌমাৰ জ্যোতি মহন্তই জানিবলৈ দিয়ে।

আনহাতে দ্বিতীয় দিনাৰ মুকলি সভাত উদ্ধোধক হিচাপে বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়াৰ লগতে মুখ্য অতিথি হিচাপে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিশিষ্ট অতিথি হিচাপে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, যোৰহাট লোকসভাৰ সাংসদ তপন কুমাৰ গগৈ, ৰাজ্যসভাৰ নৱনিযুক্ত সাংসদ কামাখ্যা প্ৰসাদ তাচা, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামীকে ধৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকিব বুলি মহাবিদ্যালয়খনৰ অধ্যক্ষই জানিবলৈ দিয়ে।

ইফালে ৩০ জুনত দুপৰীয়া ২ বজাৰ পৰা অনুষ্ঠিত হবলগীয়া প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ বৰ্ণিল অনুষ্ঠানত উদ্ধোধক হিচাপে উপস্থিত থাকিব গুৱাহাটী কমাৰ্চ কলেজৰ অধ্যক্ষ তথা শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড০ হোমেশ্বৰ কলিতা। প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ অনুষ্ঠানত অন্তৰংগ আলাপৰ লগতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন সাংস্কৃতিত অনুষ্ঠান পৰিবেশন কৰিব। আমন্ত্ৰিত শিল্পী হিচাপে অসমৰ জনপ্ৰিয় কণ্ঠ শিল্পী কুসুম কৈলাশে গীত পৰিবেশন কৰিব।

প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনীয়ে মহাবিদ্যালয়ত অধ্যয়ণ কৰা প্ৰায় সহস্ৰাধিক ছাত্ৰ ছাত্ৰীৰ লগত বিভিন্ন সামাজিক মাধ্যম ফেচবুক, ৱাটচ্ আপ, টুইটাৰৰ লগতে ব্যক্তিগত ভাৱেও যোগাযোগ কৰি মহাবিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠানত উপস্থিত থাকি অনুষ্ঠানটো সফল কৰিবলৈ আহ্বান জনাইছে।

The post শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ প্ৰস্তুতি তুংগত appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2IMNQbv
via IFTTT

Comments