কোন হ’ব কংগ্ৰেছৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় সভাপতি ? কংগ্ৰেছৰ পুনগঠনৰ প্ৰাক্‌ক্ষণত উত্তৰ প্ৰদেশ-কৰ্ণাটক প্ৰাদেশিক কমিটী ভংগ


নতুন দিল্লী, ২৫  জুন ঃ কংগ্ৰেছৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় সভাপতি কোন হ’ব তাক লৈ বৰ্তমানো অব্যাহত আছে দলটোৰ ভিতৰচ’ৰাত চৰ্চা। দলটোৰ পৰৱৰ্তী সভাপতি ৰাহুল গান্ধী হৈ থাকিব নে নাই সেই বিষয়টোক লৈও কংগ্ৰেছৰ ভিতৰচ’ৰাত অব্যাহত আছে চৰ্চা। এনে সময়ছোৱাতেই আজি উত্তৰ প্ৰদেশ আৰু কৰ্নাটক প্ৰদেশ কমিটী ভংগ কৰাৰ কথা ঘোষণা কৰিছে। আনহাতে অহা সপ্তাহতে দলটোৰ পৰৱৰ্তী সভাপতি কোন হ’ব তাক লৈ এক বৈঠক অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে এইবাৰৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে সফলতা দাঙি ধৰিব নোৱাৰাৰ বাবেই দলটোৰ ভিতৰচ’ৰাত সভাপতিক লৈ নানা ধৰণৰ প্ৰশ্ন উত্থাপন হ’বলৈ ধৰিছে। এনে সময়ছোৱাতেই কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীও দলটোৰ সভাপতিৰ দায়িত্বত নাথাকে বুলি ঘোষণা কৰাৰ পিছতেই দলটোৰ পৰৱৰ্তী সভাপতি কোন হ’ব সেই বিষয়ক লৈ বৰ্তমানলৈ অব্যাহত আছে চৰ্চা।

শেহতীয়াভাৱে কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ নাম চৰ্চালৈ আহিছে। কিন্তু এতিয়ালৈ স্পষ্ট হোৱা নাই অশোক গেহলটেই হ’ব যে কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি। কিয়নো কংগ্ৰেছৰ ভিতৰচ’ৰাত তেওঁৰ উপৰি আন কেইবাগৰাকী জ্যেষ্ঠ নেতাৰ নাম উত্থাপন হৈছে সভাপতি পদৰ বাবে। সেইবাবে অহা সপ্তাহতে কংগ্ৰেছৰ বৈঠকত স্পষ্ট হ’ব দলটোৰ পৰৱৰ্তী সভাপতি কোন হ’ব। উল্লেখ্য যে কংগ্ৰেছ দলে দলটোৰ আভ্যন্তৰীণ শক্তি বৃদ্ধি কৰাৰ প্ৰাক্‌ক্ষণতেই উত্তৰ প্ৰদেশ আৰু কৰ্নাটক প্ৰদেশ কমিটী ভংগ কৰাৰ কথা আজি ঘোষণা কৰিছে।

The post কোন হ’ব কংগ্ৰেছৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় সভাপতি ? কংগ্ৰেছৰ পুনগঠনৰ প্ৰাক্‌ক্ষণত উত্তৰ প্ৰদেশ-কৰ্ণাটক প্ৰাদেশিক কমিটী ভংগ appeared first on Gana Adhikar.



from Gana Adhikar http://bit.ly/2IIodse
via IFTTT

Comments