১ লাখ ২ হাজাৰ ৪৬২ জন লোকৰ নামেৰে প্ৰকাশ পালে এন আৰ চিৰ অতিৰিক্ত খচৰা তালিকা

ডিজিটেল সংবাদঃ চুড়ান্ত এন আৰ চি প্ৰকাশ পোৱাৰ পূৰ্বে বুধবাৰে প্ৰকাশ পালে এন আৰ চিৰ অতিৰিক্ত কৰ্তন তালিকা। এন আৰ চিৰ বাবে অযোগ্য বিবেচিত হোৱা ১ লাখ ২ হাজাৰ ৪৬২ জন লোকৰ নাম অন্তৰ্ভূক্ত হৈছে এই তালিকাত। প্ৰতিজন লোকৰে নিজৰ এন আৰ চি সেৱা কেন্দ্ৰৰ লগতে উপায়ুক্ত আৰু চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপলব্ধ হৈছে এই তালিকা। পুৱা ১০ বজাত এই তালিকা প্ৰকাশ পোৱাৰ লগে লগে এন আৰ চিৰ সেৱা কেন্দ্ৰত ভিৰ কৰা দেখা গৈছে বহুলোকক। ইফালে অনলাইন ব্যৱস্থাৰ মাজেৰেও উপলব্ধ হৈছে এই তালিকা। অনলাইনযোগে তালিকা অথবা নিজৰ নাম লাভ কৰাৰ বাবে কোনো লোকে www.nrcassam.nic.in ত চাব পাৰিব।

বুধবাৰে প্ৰকাশ পোৱা তালিকাত সন্নিৱিষ্ট হৈছে ডি ভোটাৰ, ঘোষিত বিদেশী আৰু বিদেশী ন্যায়াধীকৰণত গোচৰ চলি থকা লোকৰ নাম। পূৰ্বৰ তালিকাত অন্তৰ্ভূক্ত হোৱা লোকৰ নাম কৰ্তন কৰা হৈছে এই তালিকাত। দাবী আৰু আপত্তি নিষ্পত্তিৰ ফলাফল সন্দৰ্ভত উল্লেখ নাই তালিকাখনত। যিসকল লোকৰ নাম বুধবাৰে প্ৰকাশ পোৱা তালিকাত সন্নিৱিষ্ট হৈছে সেইসকল লোকলৈ জাননী প্ৰেৰণ কৰা হ’ব।

জাননী লাভ কৰা অথবা এই তালিকাত নাম থকা লোকসকলৰ বাবে অহা ৫ জুলাইৰ পৰা আৰম্ভ হ’ব শুনানি। তাৰ বাবে তেওঁলোক যাব পাৰিব এন আৰ চিৰ সেৱা কেন্দ্ৰলৈ। অৱশ্যে লোকসকললৈ প্ৰেৰণ কৰা জাননীত এই সম্পৰ্কে সকলো তথ্য যেনে, শুনানিৰ স্থান ইত্যাদি উল্লেখ থাকিব। ৩১ জুলাইত প্ৰকাশ পাব লগা চুড়ান্ত এন আৰ চিৰ পূৰ্বে শুনানিযোগে নিষ্পত্তি কৰা হ’ব তালিকাত নাম অন্তৰ্ভূক্ত হোৱা লোকসকলৰ দাবী।

The post ১ লাখ ২ হাজাৰ ৪৬২ জন লোকৰ নামেৰে প্ৰকাশ পালে এন আৰ চিৰ অতিৰিক্ত খচৰা তালিকা appeared first on Gana Adhikar.



from Gana Adhikar https://ift.tt/2NdtyMz
via IFTTT

Comments