মুজাফ্ফৰপুৰত একিউট এনকেফেলাইটিছ ছিণ্ড্ৰমত আক্ৰান্ত হৈ মৃত্যু হোৱা শিশুৰ সংখ্যা ১৩২ জনলৈ বৃদ্ধি

ডিজিটেল ডেস্কঃ বিহাৰত এতিয়াও শাম কটা নাই মৃত্যুৰ বিভিষীকা। ৰাজ্যখনৰ মুজাফ্ফৰপুৰত একিউট এনকেফেলাইটিছ ছিণ্ড্ৰমত আক্ৰান্ত হৈ মৃত্যু হোৱা শিশুৰ সংখ্যা ১৩২ জনলৈ বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে।

নিহতসকলৰ ভিতৰত মুজাফ্ফৰপুৰৰ এছকেএমচিএইছ হাস্পতালত বৰ্তমানলৈকে প্ৰাণ হেৰুৱাবলগীয়া হোৱা শিশুৰ সংখ্যা হৈছে ১১১ জন। ইয়াৰ লগতে কেজৰিৱাল হাস্পতালত নিহত শিশুৰ সংখ্যাই চুইছেগৈ ২১ৰ ঘৰ।

The post মুজাফ্ফৰপুৰত একিউট এনকেফেলাইটিছ ছিণ্ড্ৰমত আক্ৰান্ত হৈ মৃত্যু হোৱা শিশুৰ সংখ্যা ১৩২ জনলৈ বৃদ্ধি appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Ya2oHk
via IFTTT

Comments