ধনশিৰি মহকুমাত বিদেশী ন্যায়াধীকৰণে বিদেশী ঘোষণা কৰা এজন লোকক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, সৰুপথাৰঃ বিদেশী ন্যায়াধীকৰণে বিদশী ঘোষণা কৰা গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সৰুপথাৰ আৰক্ষী থানাৰ অধীনৰ পদুমণিৰ মহম্মদ আব্দুল আলিৰ পুত্ৰ কাচেম আলিক মঙলবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ডিটেনচন কেম্পলৈ পঠোৱাৰ খৱৰ পোৱা গৈছে। জানিব পৰা মতে ২০১৮ চনত বিদেশী ন্যায়াধীকৰণৰ দুটাকৈ শুনানীত কাচেম আলি উপস্থিত নথকাত আদালতে কাচেম আলিক গ্ৰেপ্তাৰ কৰিবৰ বাবে নিৰ্দেশ দিয়ে।

মঙলবাৰে সীমান্ত আৰক্ষীৰ এটা দলে কাচেম আলিক গ্ৰেপ্তাৰ কৰি যোৰহাটৰ ডিটেনচন কেম্পলৈ লৈ যায়। আনহাতে আইচক্ৰীম বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা, দুই সন্তানৰ পিতৃ কাচেম আলিয়ে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ অহা সময়তহে জানিব পাৰে যে, তেওঁক বিদেশী ন্যায়াধীকৰণে ইতিমধ্যে বিদেশী বুলি ঘোষণা কৰিছে। তেওঁৰ ককাক দেউতাক তথা নিজে গোলাঘাটতে জন্ম বুলি জানিবলৈ দি তেওঁৰ নামত ভোটাৰ কাৰ্ড থকা লগতে এন আৰ চিৰ খচৰাটো নাম থকা বুলিও আলিয়ে সাংবাদিকৰ আগত দাবী কৰে।

মনকৰিবলগীয়া যে, নামনি অসমত সীমা আৰক্ষীৰ তদন্তকাৰী বিষয়াৰ তদন্তত কৰা গাফিলতিৰ বাবে স্বদেশীক বিদেশী সজাই হাৰাশাস্তি কৰাৰ কেইবাটাও অভিযোগ উত্থাপিত হোৱাৰ পাছত সৰুপথাৰৰ কাচেম আলিক বিদেশী ন্যায়াধীকৰণে বিদেশী ঘোষণা কৰি মঙলবাৰে ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰাৰ ঘটনাই বহুতৰ মনত সন্দেহৰ সৃষ্টি কৰিছে।

The post ধনশিৰি মহকুমাত বিদেশী ন্যায়াধীকৰণে বিদেশী ঘোষণা কৰা এজন লোকক গ্ৰেপ্তাৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Lkleb6
via IFTTT

Comments