কাজিৰঙাত চোৰাং চিকাৰীৰ বিস্ফোৰক ভাষ্য
নদী পাৰ কৰাৰ বিনিময়ত লাভ কৰে তিনিলাখ টকা
গণবাৰ্তা,কাজিৰঙা,২৬ জুন : কাজিৰঙাত চোৰাং চিকাৰীৰ বিস্ফোৰক ভাষ্য ৷ এখন নদী নাৱেৰে পাৰ কৰাৰ বিনিময়ত লাভ কৰে তিনি লক্ষাধিক টকা ৷সাধাৰণতে গঁড়ৰ খৰ্গৰ মূল্য নিৰূপণ কৰা নহয় যদিও চোৰাং বজাৰত এটা খৰ্গৰ মূল্য কিমান হ’ব পাৰে তাক ধৃত চোৰাং চিকাৰীৰ চিকাৰোক্তিৰ পৰা অনুমান কৰিব পাৰি ৷কাজিৰঙাত ধৃত চোৰাং চিকাৰীৰ স্বীকাৰোক্তি যে নাঁৱেৰে চোৰাং চিকাৰী নদী পাৰ কৰি দিয়াৰ বিনিময়তে লাভ কৰিছিল তিনি লাখ টকা ৷উল্লেখ্য যে মঙলবাৰে কাজিৰঙাৰ বন বিভাগে অৰুণাচল আৰক্ষীৰ সহযোগত অৰুণাচলৰ ইটানগৰৰ গংগাবস্তী নামৰ এখন গাঁৱত অভিযান চলাই আটক কৰে এটা দুধৰ্ষ চোৰাং চিকাৰী ৷আটক কৰা বিশ্বনাথৰ বিহালী ৰাংচালিৰ প্ৰবিন হাজৰীকা ওৰফে কন্তু নমাৰ চোৰাং চিকাৰীটোৱে অৰুণাচলৰ গংগাবস্তীত আত্মগোপন কৰি থকাৰ তথ্য বন বিভাগে লাভ কৰাৰ পাছতঅভিযান চলাই চিকাৰীটোক আটক কৰিবলৈ সক্ষম হয় ৷ উক্ত অভিযানত নেতৃত্ব দিয়ে কাজিৰঙাৰ কহঁৰা বনাঞ্চলৰ বাস্তৱ বৰকাকতি আৰু বিশ্বনাথৰ বনাঞ্চলিক বিষয়া প্ৰাঞ্জল বৰুৱাই ৷বনবিভাগৰ সূত্ৰ মতে চলিত বৰ্ষৰ মাৰ্চ মাহত কহঁৰা বনাঞ্চলৰ দুসুঁতী মুখত সংঘটিত হোৱা গঁড় হত্যাত জড়িত আছিল ধৃত প্ৰবিন হাজৰীকা ৷আনহাতে ধৃত চিকাৰীটোৱে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে আগ্নেয়াস্ত্ৰ লৈ অহা দুটা চোৰাং চিকাৰীক ব্ৰহ্মপুত্ৰ নদী সিপাৰ কৰি কাজিৰঙাত প্ৰৱেশৰ সুবিধা কৰি দিছিল ৷গঁড় নিধন কৰি উভতি যাঁওতেও পুনৰ নদী পাৰ কৰি দিছিল ৷ তাৰ বিনিময়ত প্ৰবিনে লাভ কৰে তিনিলাখ টকা ৷ ইয়াৰোপৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰাৰ তিনিদিন পাছতহে গঁড়ৰ খৰ্গ লৈ উধাও হৈছিল বাকী চোৰাং চিকাৰী দুটা ৷ উক্ত চিকাৰী দুজন বিহালীৰ বিজয় দাস আৰু মমীন দাস বুলি স্বীকাৰোক্তি প্ৰবীণ হাজৰীকাৰ ৷ কাজিৰঙাৰ বন বিষয়া বাস্তৱ বৰকাকতিয়ে সংবাদ মাধ্যমৰ আগত মত ব্যক্ত কৰে যে অতি সোনকালে ঘটনাৰ সৈতে জড়িত বাকীসকল চোৰাং চিকাৰীক কৰায়ক্ত কৰিবলৈ সক্ষম হব ৷ আনহাতে ধৃত চোৰাং চিকাৰীটোৰ বিৰোদ্ধে কাজিৰঙাৰ বন বিভাগে ৱাইল্ডলাইফ প্ৰটেকচন এক্ট ১৯৭২ ৰ অধীনত এটা গোচৰ ৰুজু কৰিছে ৷
The post কাজিৰঙাত চোৰাং চিকাৰীৰ বিস্ফোৰক ভাষ্য appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2FyGQg6
via IFTTT
Comments
Post a Comment