ভাৰতত বৃহস্পতিবাৰে নিশাই ৪জন লোকৰ মৃত্যু, কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ২০লৈ বৃদ্ধি…

ডিজিটেল ডেস্কঃ ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি হৈছে ২০ জনলৈ। বৃহস্পতিবাৰে নিশা প্ৰায় ১০.৩০ বজালৈ এই সংখ্যা ১৬ আছিল যদিও নিশাৰ ভাগত পুনৰ ৪জন লোকৰ মৃত্যু হৈছে। কোৰোনাৰ সন্ত্ৰাস ক্ৰমাৎ ভাৰতত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ইফালে আক্ৰান্তৰ সংখ্যাও ৭২৭ গৰাকীলৈ বৃদ্ধি পাইছে।
বৰ্তমানলৈকে কোৰোনাত আক্ৰান্ত হোৱাৰ পিছত ভাৰতত আৰোগ্য লাভ কৰিছে ৪৫ জন লোকে। ভাৰতত ৬৬২ জন লোকক কোৰোনা ভাইৰাছৰ চিকিৎসা প্ৰদান কৰি থকা হৈছে। সুখবৰ যে, এতিয়ালৈকে অসমত এজনো লোক কোৰোনাত আক্ৰান্ত হোৱা নাই। অসম চৰকাৰো সাজু হৈছে কোৰোনাৰে যুঁজ কৰাৰ বাবে। ইফালে সমগ্ৰ বিশ্বতে কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে ২৪০৮৭ জনলৈ।
The post ভাৰতত বৃহস্পতিবাৰে নিশাই ৪জন লোকৰ মৃত্যু, কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ২০লৈ বৃদ্ধি… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2JkK3kZ
via IFTTT
Comments
Post a Comment