কোৰোনা ভাইৰাছ বুলি চিঞৰি উত্তৰ-পূবৰ যুৱতীৰ গাত পিক পেলোৱা দুৰ্বৃত্তক গ্ৰেপ্তাৰ…

ডিজিটেল ডেস্কঃ বিশ্বজুৰি কোৰোনাৰ সন্ত্ৰাস অব্যাহত থকাৰ মাজতে কিছুদিনৰ পূৰ্বে উত্তৰ-পূবৰ এগৰাকী যুৱতীক কোৰোনা বুলি চিঞৰি হাত পিক পেলাই থৈ যোৱা ঘটনাই সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছিল। এনে কাম কৰা নিকৃষ্ট মানসিকতাৰ দুৰ্বৃত্তক দেশজুৰি তীব্ৰ গৰিহণা দিয়াও পৰিলক্ষিত হৈছিল। কিন্তু শেহতীয়াকৈ এই দুৰ্বৃত্তটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে দিল্লী আৰক্ষী।

মডেল টাউনৰ নিবাসী ৪০ বছৰীয়া গৌৰৱ বহৰা নামৰ দুৰ্বৃত্তটোক বুধবাৰে গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে । গৌৰৱে ব্যৱহাৰ কৰা বগা ৰঙৰ স্কুটি খনো জব্দ কৰিছে দিল্লী আৰক্ষীয়ে ।

উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে দিল্লী বিশ্ববিদ্যালয়ৰ সমীপৰ বিজয় নগৰত নিশা গৌৰবে মণিপুৰৰ এগৰাকী ২৫ বছৰীয়া যুৱতীক কোৰোনা ভাইৰাছ বুলি চিঞৰি গাত পিকাই থৈ গৈছিল । ইয়াৰ পিছতে যুৱতীগৰাকীয়ে দিল্লীৰ মুখাৰ্জী নগৰ আৰক্ষী থানাত এই সন্দৰ্ভত ধাৰা ৫০৯ ৰ অধীনত এক গোচৰ ৰুজু কৰিছিল।
The post কোৰোনা ভাইৰাছ বুলি চিঞৰি উত্তৰ-পূবৰ যুৱতীৰ গাত পিক পেলোৱা দুৰ্বৃত্তক গ্ৰেপ্তাৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2QLux5L
via IFTTT
Comments
Post a Comment