“আমি সফল হ’মেই”, ৰোগীৰ চিকিৎসাৰ মাজতে গীত গাই দুগুণ উৎসাহেৰে কাম কৰাৰ চেষ্টা এইসকল চিকিৎসাকৰ্মীৰ, চাওঁক VIDEO

ডিজিটেল ডেস্কঃ দেশ এতিয়া মহামাৰী কোৰোনাত ত্ৰাসত। সকলো লোককে ঘৰতে সোমাই থাকিবলৈ কৈ চৰকাৰে দেশজুৰি লকডাউন ঘোষণা কৰিছে। কোৰোনা ভাইৰাছ যাতে সংক্ৰমণ নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে। আৰক্ষী-প্ৰশাসন কঠোৰ হৈছে। দিনে নিশাই কৰ্তব্যত ব্যস্ত জৰুৰীকালীন সেৱাৰে জড়িত বিষয়া-কৰ্মচাৰীসকল। সমানে ব্যস্ত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীও।

ৰাজস্থানৰ একাংশ চিকিৎসক-চিকিৎসা কৰ্মৰে জড়িত লোকে জৰুৰীকালীন সেৱাৰে জড়িত লোকৰ মনোবল বৃদ্ধি কৰাৰ বাবে কৰ্মৰ মাজতে পৰিৱেশন কৰিলে এটা গীত। ৰাজস্থানৰ ভিলৱাৰাত গীত গাই জৰুৰীকালীন সেৱাৰে জড়িত লোকক দুগুণ উৎসাহেৰে কাম কৰিবলৈ আহ্বান জনালে স্বাস্থ্যকৰ্মীয়ে। কোৰোনা ভাইৰাছ ৰোধ কৰাৰ বাবে বুধবাৰে দিনৰ ভাগত ”হম হৌংগে কামিয়াব’ গীতটো পৰিৱেশন কৰিলে স্বাস্থ্যকৰ্মীসকলে। এতিয়া এই ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। চাওঁক সেই ভিডিঅ’

The post “আমি সফল হ’মেই”, ৰোগীৰ চিকিৎসাৰ মাজতে গীত গাই দুগুণ উৎসাহেৰে কাম কৰাৰ চেষ্টা এইসকল চিকিৎসাকৰ্মীৰ, চাওঁক VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Jh3v1Y
via IFTTT

Comments