সুখবৰ! শনিবাৰৰ পৰা টিভিত পুনৰ সম্প্ৰচাৰ হ’ব ৰামায়ণ, লকডাউনৰ সময়ত মনোৰঞ্জন দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপ…

ডিজিটেল ডেস্কঃ ২১ দিনীয় লকডাউনৰ বাবে ঘৰতে থাকি আমনি পাইছে নেকি আপুনি। চৰকাৰে আপোনাৰ মনোৰঞ্জনৰ ব্যৱস্থা কৰিছে। শনিবাৰৰ পৰা ডিডি নেশ্যনেলত আপোনাৰ বাবে পুনৰ সম্প্ৰচাৰ কৰিব ৰামায়ণৰ। ছ’চিয়েল মিডিয়াত ৰামায়ণৰ পুনৰ সম্প্ৰচাৰৰ বাবে দাবী উঠাৰ পিছতে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে শনিবাৰৰ পৰা ৰামায়ণ সম্প্ৰচাৰ কৰিব বুলি ঘোষণা কৰিছে।
৮০ৰ দশকত প্ৰতি দেওবাৰে পুৱা ৰামায়ণ সম্প্ৰচাৰ কৰা হৈছিল। সেই সময়ত সমাজৰ অধিকাংশ লোকেই চুবুৰীৰ কোনো এঘৰ লোকৰ টিভিৰ সন্মুখত নিৰ্দিষ্ট সময়ৰ বাবে ৰৈ আছিল। টিভিত সম্প্ৰচাৰ হোৱা বিভিন্ন অনুষ্ঠান তথা ধাৰাবাহিকৰ ভিতৰত ৰামায়ণ আছিল অন্যতম।
ভাৰতত ১৯৮৭ চনৰ পৰা ১৯৮৮ চনলৈ ৰামায়ণ সম্প্ৰচাৰ কৰা হৈছিল। মুঠ ৭৮ টা খণ্ডত ভাগ কৰি ৰামায়ণ সম্প্ৰচাৰ কৰা হৈছিল। ৰামানন্দ সাগৰৰ পৰিকল্পনাত অৰুণ গোবিল (ৰাম/বিষ্ণু), দিপীকা সিখালিয়া (সীতা/লক্ষ্মী আৰু সুনীল লাহৰি (লক্ষ্মণ)ৰ চৰিত্ৰত অভিনয় কৰিছিল। প্ৰতি দেওবাৰে পুৱা ৯.৩০ বজাত সম্প্ৰচাৰ হোৱা ৰামায়ণ আছিল প্ৰতিজন লোকৰ প্ৰিয় ধাৰাবাহিক।
টিভিৰ ৮২ শতাংশ দৰ্শকে সেই সময়ত ৰামায়ণ চাইছিল। প্ৰতিটো খণ্ডতে দুৰদৰ্শনে ৪০ লাখকৈ টকা লাভ কৰিছিল। শনিবাৰৰ পৰা পুৱা ৯ বজাৰ পৰা ১০ বজালৈ এটা খণ্ড আৰু নিশা ৯ বজাৰ পৰা ১০ বজালৈকে এটা খণ্ড সম্প্ৰচাৰ কৰা হ’ব।
The post সুখবৰ! শনিবাৰৰ পৰা টিভিত পুনৰ সম্প্ৰচাৰ হ’ব ৰামায়ণ, লকডাউনৰ সময়ত মনোৰঞ্জন দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3dHAydQ
via IFTTT
Comments
Post a Comment