লকডাউনঃ বুকুত প্ৰেচক্ৰিপচন আঁৰি বেজী ল’বলৈ ওলাই আহিল ৰমজান আলী…

লকডাউনৰ দ্বিতীয় দিনাও আৰক্ষীয়ে ৰাজপথত চোকা নজৰ ৰাখিছে যাতে কোনো লোক বিনা কাৰনত বাহিৰ ওলাব নোৱাৰে। অত্যন্ত জৰুৰী নহলে ৰাইজক ঘৰৰ বাহিৰ নহ’বলৈ বাৰম্বাৰ সকিয়নী জাৰি কৰিছে। ইয়াৰ মাজতে মহানগৰীৰ ৰাজপথত দেখা গল এক ব্যতিক্ৰম দৃশ্য। বুকুত এখন কাগজ আৰি চাইকেল লৈ ৰাজপথেৰে আহি আছিল ব্যক্তিজন। কি কাগজ বুকুত আঁৰি তেওঁ এনেদৰে আহিছে তাক জানিবলৈ উৎকন্ঠা বাঢ়িছিল সকলোৰে।

ব্যক্তিজনে নিজে কই গ’ল তেওঁ কিয় এনেদৰে বাহিৰলৈ আহিছে। নাম তেওঁৰ ৰমজান আলী। চাইকেল লৈ সাতগাঁৱৰ পৰা আহিছে জি এম চি এইচলৈ। এমাহ মানৰ পূৰ্বে তেওঁক কুকুৰে কামুৰিছিল। জি এম চি এইচত তেওঁ ইতিমধ্যে ৪ টা বেজি ল’লে। বুকুত চাৰ্টৰ ওপৰত চেল টেপ মাৰি জি এম চি এইচৰ সেই ব্যৱস্থাপনা পত্ৰখন দেখুৱাই তেওঁ জনালে, আজি মোৰ অন্তিমটো বেজি লোৱা দিন। সেয়েহে মই জি এম চি এইচলৈ বেজি লবলৈ আহিছো এইদৰে।

ছ’চিয়েল মিডিয়াত হেনো তেওঁ ঘৰৰ বাহিৰৰ পৰা লোকসকলক আৰক্ষীয়ে প্ৰহাৰ কৰা দৃশ্য দেখিছে। জেপৰ পৰা কাগজ উলিয়াই কাগজ দেখুৱাই মানে গাত কোবেই পৰিব। সেয়েহে বুুকুতে এইখন আৰি লৈ আহিছো। তেওঁ লগতে এই কথাও কলে যে, সাতগাঁৱৰ পৰা আহোতে কেইবাঠাইটো আৰক্ষীয়ে তেওঁক ৰখাইছে। কিন্তু বুকুত আঁৰি থোৱা কাগজ দেখি দ্বিতীয়টো প্ৰশ্ন কৰা নাই আৰক্ষীয়ে।

The post লকডাউনঃ বুকুত প্ৰেচক্ৰিপচন আঁৰি বেজী ল’বলৈ ওলাই আহিল ৰমজান আলী… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3dANguX
via IFTTT

Comments