প্ৰখ্যাত চিত্ৰশিল্পী-ভাষ্কৰ্যশিল্পী সতীশ গুজৰাল আৰু নাই

ডিজিটেল ডেস্কঃ প্ৰখ্যাত চিত্ৰশিল্পী আৰু ভাষ্কৰ্যশিল্পী সতীশ গুজৰাল আৰু নাই। দেশৰ সৰ্বজন সমাদৃত শিল্পী সকলৰ ভিতৰত অন্যতম গুজৰালৰ ৯৪ বছৰ বয়সত মৃত্যু হৈছে। ১৯৯৭-৯৮ চনৰ ইউনাইটেড ফ্ৰন্ট চৰকাৰৰ প্ৰধানমন্ত্ৰী ইন্দৰ কুমাৰ গুজৰালৰ ভাতৃ আছিল সতীশ গুজৰাল।

১৯২৬ চনত ঝেলুমৰ জন্ম হৈছিল গুজৰালৰ। তেওঁ নিজ চিত্ৰকৰ্মৰ বাবে বিভিন্নজনৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। দিল্লী উচ্চ ন্যায়ালয়ৰ বৰ্ণমালা ভিত্তি চিত্ৰও তেওঁৱে অংকণ কৰিছিল। ১৯৯৯ চনত তেওঁ চিত্ৰশিল্পৰ প্ৰতি অৱদানৰ বাবে তেওঁ পদ্মবিভূষণ লাভ কৰিছিল।

The post প্ৰখ্যাত চিত্ৰশিল্পী-ভাষ্কৰ্যশিল্পী সতীশ গুজৰাল আৰু নাই appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/39maxNB
via IFTTT

Comments