নলবাৰীত পুৱাই আৰক্ষীয়ে পিটিলে হকাৰ, এজেন্টকঃ ডি জি পিৰ নিৰ্দেশৰ পিছত উচ্চ পদস্থ বিষয়াই গৈ কৰোৱালে চিকিৎসা…

ডিজিটেল ডেস্কঃ ২১ দিনীয়া লক ডাউনৰ সময়ত দেশবাসীৰ ওচৰলৈ যাতে চৰকাৰে গ্ৰহণ কৰা সকলো পদক্ষেপৰ বাতৰি সুচলভাৱে যায়, তাৰবাবে দেশৰ প্ৰধানমন্ত্ৰীৰ লগতে তথ্য-সম্প্ৰচাৰ মন্ত্ৰালয়ে ইতিমধ্যে সংবাদ মাধ্যমক লৈ বিশেষ নিৰ্দেশনা জাৰি কৰিছে। কিন্তু লক ডাউনৰ প্ৰথম দিনটোত ৰাজ্যত বাতৰি কাকত বিতৰণত বাধা প্ৰদান কৰিছিল স্বয়ং আৰক্ষীৰ লগতে এচাম দুষ্ট চক্ৰই। যি সময়ত বাতৰি কাকতক লৈ চলা অপ্ৰচাৰ ৰোধৰ বাবে অসম চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত লৈছে, তেনে সময়তে চৰকাৰৰ নীতি-নিৰ্দেশনাক লক ডাউনৰ প্ৰথম দিনটোতে ভেঙুচালি কৰিলে আৰক্ষীৰ লগতে একাংশ লোকে।

প্ৰথমটো দিন পাৰ হোৱাৰ পিছত লক ডাউনৰ দ্বিতীয়টো দিনৰ আৰম্ভণিতো অসম আৰক্ষীয়ে উলংঘা কৰিলে প্ৰধানমন্ত্ৰীৰ লগতে চৰকাৰৰ নীতি-নিৰ্দেশনা। ২১ দিনীয়া লক ডাউনৰ সময়ত জৰুৰীকালীন সেৱাত ব্ৰতী থকা লোক সকলৰ ওপৰত এইবাৰ জপিয়াই পৰিল আৰক্ষী। ঘটনাটো সংঘটিত হৈছে নলবাৰীত। বৃহস্পতিবাৰে পুৱাই নলবাৰীৰে এজন বাতৰি কাকত বিক্রেতা গণেশ ডেকাই বাতৰি কাকত বিতৰণ কৰিবলৈ যাওঁতে আৰক্ষীয়ে অতি বৰ্বৰভাৱে প্ৰহাৰ কৰে। আৰক্ষীৰ প্ৰহাৰত আহত হোৱা ব্যক্তিজন বৰ্তমান চিকিৎসাধীন হৈ আছে ।

বাতৰি কাকতৰ টোপোলা দেখুৱাই বাৰে বাৰে নিজৰ চিনাকি দিয়াৰ পাছতো আৰক্ষীয়ে বুজিবলৈ চেষ্টা নকৰা বুলি বাতৰি কাকত বিক্রেতাজনে অৱগত কৰিছে সংবাদ মাধ্যমক। গণেশ ডেকৈক এনেদৰে প্ৰহাৰক লৈ নলবাৰীৰ সচেতন মহলে প্ৰশাসনক প্ৰশ্ন কৰে যে, সাম্প্ৰতিক পৰিস্থিতি আৰক্ষী, চিকিৎসক, নাৰ্ছ, চিকিৎসা কৰ্মী, সংবাদকর্মীৰ ভূমিকা উল্লেখনীয়। কিন্তু ইয়াৰ মাজতে লকডাউনৰ সময়চোৱাত জৰুৰী বিষয়ক অনুমতিৰ ক্ষেত্ৰত আৰক্ষী মহলক সম্পূৰ্ণ জ্ঞাত কৰোৱা হোৱা নাই নেকি যাৰ ফলত বাতৰি কাকত বিতৰকজন অনাহক মাৰধৰৰ বলি হব লগা হল? উল্লেখ্য যে , ধুৰকুছিৰ ৰাতুল দাস নামৰ বাতৰি হকাৰ জনকো বৃহস্পতিবাৰে পুৱা নলবাৰী চহৰত মাৰধৰ কৰে আৰক্ষীয়ে । পৰিচয় দি থকাৰ পিছতো আৰক্ষীয়ে কোনো কথাই ভ্ৰক্ষেপ নকৰা বুলি অভিযোগ উত্থাপন কৰিছে হকাৰগৰাকীয়ে।
ইতিমধ্যে এই বিষয়টোৰ ওপৰত হস্তক্ষেপ কৰি তাতক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে। আৰক্ষী সঞ্চালক প্ৰধানক অৱগত কৰাৰ পাছত তেওঁৰ নিৰ্দেশতে নলবাৰীৰ এগৰাকী উচ্চ পদস্থ আৰক্ষী বিষয়াই হকাৰগৰাকীক প্ৰাথমিক চিকিৎসা প্ৰদানৰ বাবে চিকিৎসালয়লৈ লৈ যায়। বৃহস্পতিবাৰৰে পৰা এই লোকসকলক পৰিচয় পত্ৰ দিয়াৰ ব্যৱস্থাও গ্ৰহণ কৰিছে।
The post নলবাৰীত পুৱাই আৰক্ষীয়ে পিটিলে হকাৰ, এজেন্টকঃ ডি জি পিৰ নিৰ্দেশৰ পিছত উচ্চ পদস্থ বিষয়াই গৈ কৰোৱালে চিকিৎসা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2JhejgE
via IFTTT
Comments
Post a Comment