অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ হাতীচোং মহাবিদ্যালয় গোট গঠন…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ হাতীচোং শাখাৰ অন্তৰ্গত হাতীচোং মহাবিদ্যালয় গোটটি আজি গঠন কৰা হয়। হাতীচোং শাখাৰ সম্পাদক সংকল্প বৰাই আঁত ধৰা সভাত উপস্থিত থাকে নগাঁও জিলাৰ সাংগঠনিক সম্পাদক তুষাৰ ভৌমিক ডাঙৰীয়া আৰু হাতীচোং শাখাৰ পূৰ্বৰ সম্পাদক মাধূৰ্য্য প্ৰতিম শইকীয়া। সভাত জিতুমনি শইকীয়াক সভাপতি আৰু পংকজ খাদালক সম্পাদক হিচাপে লৈ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ হাতীচোং মহাবিদ্যালয় গোটৰ পূৰ্ণাংগ সমিতি গঠন কৰা হয়।
অনাগত সময়ত এই সমিতি খনে ছাত্র-ছাত্ৰী সকলৰ সকলো ধৰণৰ সমস্যা সমাধানৰ ক্ষেত্রত তথা মহাবিদ্যালয়খনত থকা প্ৰতিভা সমূহ আগবঢ়াই নিয়াৰ ক্ষেত্রত পদক্ষেপ গ্রহণ কৰিব বুলি হাতীচোং শাখাৰ সম্পাদক সংকল্প বৰাই জানিবলৈ দিয়ে। উক্ত বৈঠকতে হাতীচোং মহাবিদ্যালয়ৰ চতুর্থ বৰ্গৰ কৰ্মচাৰী মঙ্গল সিং মাহতোৰ বিয়োগৰ নিমিত্তে তেখেতৰ আত্মাৰ শান্তিৰ বাবে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3xIh2YT
via IFTTT
Comments
Post a Comment