”তাক মাৰিলে ভাল পাইছো, কিন্তু তাৰ মাকলৈও বেয়া লাগিছে”- অনিমেষৰ দুৰ্ভগীয়া মাতৃ..

ডিজিটেল ডেস্কঃ ”শুনিছো তাক মাৰিলে। তাক মাৰিলে ভালেই পাইছো। কিন্তু তাৰ মাকলৈও বেয়া লাগিছে।” অনিমেষ বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত নীৰজ দাস আৰক্ষীৰ বাহনৰ খুন্দাত মৃত্যু হোৱাৰ পিছতে এই মন্তব্য কৰিছে অনিমেষ বৰুাৱৰ দুৰ্ভগীয়া মাতৃয়ে। আনহাতে অনিমেষ বৰুৱাৰ পৰিয়ালৰ সদস্যই ক’লে আমি এতিয়া সকাহ পাইছো। এটা এটাকৈ বাকীসকলৰো শাস্তি হ’ব লাগে।
উল্লেখ্য যে আৰক্ষীয়ে সদৰি কৰা মতে মঙ্গলবাৰে নিশা চিনামৰা খৰীয়া চুকুত আৰক্ষীৰ বাহনৰ পৰা জপিয়াই পলাবলৈ চেষ্টা কৰিছিল। সেই সময়ত পাছে পাছে আহি থকা আৰক্ষীৰ আন এখন বাহনে খুন্দিয়াই ক’লা ল’ৰাক। ইয়াৰ পিছতে এই ঘটনাত আহত আঘাতপ্ৰাপ্ত ক’লা ল’ৰাক জে এম চি এইছত ভৰ্তি কৰে।
জে এম চি এইছত চিকিৎসকে Brought Dead ঘোষণা কৰে। আনহাতে এই ঘটনাত আহত হয় আন ৩ জন আৰক্ষী। উল্লেখ্য যে সোমবাৰে বিয়লি যোৰহাটৰ মাজমজিয়াত উদিয়মান ছাত্ৰ নেতা অনিমেষ ভূঞাৰ লগতে আন দুজনক দলবদ্ধভাৱে আক্ৰমণ কৰিছিল ক’লা ল’ৰাৰ নেতৃত্বত প্ৰায় ৫০ জন ব্যক্তিয়ে।
পূৰ্বেও বহু অভিযোগত অভিযুক্ত এই নীৰজ ওৰফে ক’লা ল’ৰা ড্ৰাগছৰ সৈতেও সম্পৰ্ক আছিল। নিশা যোৰহাট আৰক্ষীয়ে তাক ড্ৰাগছৰ ঘাটিত অভিযান চলাবলৈ লগত লৈ গৈছিল। ইয়াৰ পিছতে সমগ্ৰ ঘটনা সংঘটিত হৈছিল। বৰ্তমান জে এম চি এইছৰ মৰ্গত আছে হত্যাকাৰী ক’লা ল’ৰাৰ মৃতদেহ।
ক’লা ল’ৰাৰ পিতৃ ‘মদাহী বৰ্তা’ক সহায় কৰিবলৈ গৈ দলবদ্ধ আক্ৰমণৰ সন্মুখীন হৈছিল অনিমেষ ভূঞাৰ লগতে মৃদুস্মন্ত বৰুৱা আৰু প্ৰণয় বৰুৱা। এই ঘটনাত প্ৰাণ হেৰুৱালে অনিমেষে। ইয়াৰ পিছতে আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত কৰি ক’লা ল’ৰাৰ সৈতে মুঠ ১৪ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল।
এই ১৪ জনৰে ৭ জনক মঙ্গলবাৰে আদালতে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰাৰ লগতে ৬ গৰাকীক কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। তাৎপৰ্যপূৰ্ণ ভাৱে ক’লা ল’ৰাক যোৰহাট আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱা নাছিল। সমগ্ৰ ৰাজ্যজুৰি ক’লা ল’ৰাৰ ফাঁচীৰ দাবী উত্থাপন হৈছিল।
এই ক’লা ল’ৰ বিৰুদ্ধে পূৰ্বেৰে পৰা আছে ৯০ টা অভিযোগ। ড্ৰাগছ সৰবৰাহৰ দৰে গোচৰো আছে তাৰ বিৰুদ্ধে। আনহাতে এই ঘটনাৰ পিছতে আসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙৰ এটা টুইট ভাইৰেল হৈ পৰিছে। তেওঁ নিশা ২ বাজি ২৯ মিনিটত টুইটাৰত লিখিছে প্ৰতিটো কাৰ্য বা কামৰে সমান আৰু বিপৰীত প্ৰতিক্ৰিয়া থাকে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3G0k7Xg
via IFTTT
Comments
Post a Comment