দ্বিতীয়বাৰৰ বাবে প্ৰমেন কুমাৰ ভূঞাক লখিমপুৰ জিলা কিষাণ মৰ্চাৰ সভাপতিৰ দায়িত্ব…

ডিজিটেল সংবাদ শিমলুগুৰিঃ অসম প্ৰদেশ বিজেপি কিষাণ মৰ্চাৰ গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ বৰপথাৰত দুদিনীয়াকৈ ২৯ আৰু ৩০ নৱেম্বৰৰত অনুষ্ঠিত বিষয়ববীয়া আৰু কাৰ্যনিৰ্বাহক সভাৰ সিদ্ধান্ত মৰ্মে লখিমপুৰ জিলাৰ কিষাণ মৰ্চাৰ জিলা সভাপতি প্ৰমেন কুমাৰ ভূঞাকেই দ্বিতীয় বাৰৰ বাবে জিলা সভাপতি হিচাপে নিযুক্তি প্ৰদান কৰে।

পুনৰ বাৰ ৰাজ্যিক নেতৃত্বই আস্থা ৰাখি সভাপতিৰ দায়িত্ব অৰ্পন কৰাৰ বাবে ভূঞাই দলৰ ৰাজ্যিক নেতৃত্ব আৰু জিলা নেতৃত্বৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰি আগন্তক দিনত কিষাণ মৰ্চাক দুগুণ উৎসাহেৰে চৰকাৰী আঁচনি সমূহৰ জৰিয়তে জনতাৰ মাজলৈ লৈ যোৱাৰ কথাও ব্যক্ত কৰে।

ইফালে নিষ্ঠা আৰু সততাৰে বিজেপি দলৰহৈ সেৱা আগবঢ়োৱা প্ৰমেন কুমাৰ ভূঞাক পুনৰ কিষাণ মৰ্চাৰ লখিমপুৰ জিলাৰ সভাপতি হিচাপে নিযুক্তি দিয়াত জিলাখনৰ কিষাণ মৰ্চাৰ দহখনকৈ মণ্ডল সমিতিয়ে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে ৰাজ্যিক তথা জিলা নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰিছে ৷ সমিতিসমূহে ভূঞাৰ নেতৃত্বত আগন্তক দিনত অতি ক্ষীপ্ৰতাৰে দলৰ হৈ কাম কৰি যোৱাৰ পোষকতা কৰে ৷



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3Eeqshf
via IFTTT

Comments