মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনাঃ বাইকত অহা যুৱতীক ট্ৰাকে চুচৰাই নিলে ১ কিলোমিটাৰ, চিঙি গ’ল ডিঙি…..

ডিজিটেল ডেস্কঃ মহানগৰীৰ সৰুসজাইৰ ওচৰত নিশা ভংয়কৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত নিহত হৈছে নুনমাটিৰ মধঘৰিয়াৰ ৰুনু দাস নামৰ এগৰাকী যুৱতী। খানাপাৰাৰ পৰা লখৰা দিশে আহি থকাৰ অৱস্থাত এখন ট্ৰাকে বাইকখনক খুন্দা মাৰে। দুৰ্ঘটনাটো ইমানেই ভয়াবহ আছিল যে ট্ৰাকখনে প্ৰায় ১ কিলোমিটাৰ চুচৰাই নিয়ে ৰুনু দাসক। এই ঘটনাত ৰুনু দাসৰ মূৰ চিঙি ৰাজপথত পৰি যায়।এই ঘটনাত গুৰুতৰভাৱে আহত হয় ৰেপিড’ চালকজন। ইফালে ট্ৰাক চালক ৰফিকুল ইছলামক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3d6c7Yl
via IFTTT

Comments