নগাঁৱত জাল নোট সহ এজন গ্ৰেপ্তাৰ…

ডিজিটেল সংবাদ, নগাঁও: নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী মধুপুৰত বুধবাৰে সন্ধিয়া আৰক্ষীয়ে অভিযান চলাই এটা ভাড়াঘৰৰ পৰা জাল নোট সহ এজন লোকক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে ৫০০ টকীয়া জাল নোটৰ লগতে জাল নোট বনোৱা মেচিন, কাগজকে ধৰি কেতবোৰ সামগ্ৰীও জব্দ কৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকজন নাম হৈছে ফাৰুক হুছেইন (৪৫)। ধৃত লোকজনৰ ঘৰ জাগীৰোড থানাৰ অন্তৰ্গত আলিচিঙাত। ফাৰুকে মধুপুৰৰ চাইজুল আৰু আব্দুল কালাম নামৰ লোক দুজনৰ ঘৰ ভাড়াত লৈ জাল নোট প্ৰস্ত্তত কৰি মানুহক প্ৰৱঞ্চনা কৰি আহিছিল ।
আনহাতে, ভাড়াঘৰৰ দুই গৰাকী সম্প্ৰতি পলাতক অৱস্থাত থকা বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে । এই জাল নোটৰ চক্ৰটোৱে কৌশেলেৰে মানুহক প্ৰৱঞ্চনা কৰি অহা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আনহাতে, নগাঁও জিলাত সক্ৰিয় হৈ থকা জালনোটৰ চক্ৰটোৱে ক্ষুদ্ৰ ক্ষুদ্ৰ গোট তৈয়াৰ কৰি তেজপুৰ আৰু লখিমপুৰ জিলাত জালনোটৰ ব্যৱসায় চলাই অহা বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/32GvLrS
via IFTTT
Comments
Post a Comment