নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তত বনৰীয়া হাতীৰ তাণ্ডব…

ডিজিটেল সংবাদ নাৰায়ণপুৰ: লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অসম অৰুণাচল সীমান্তৱৰ্তী দোৰপাংত বনৰীয়া হাতীৰ তাণ্ডব । বিগত তিনিদিন ধৰি নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰনাহৰণি,বালিপুখুৰী,দোৰপাংকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজৰ নিদ্ৰা হৰণ কৰিছে এজাক বনৰীয়া হাতীয়ে । পুৱতি নিশাৰ পৰাই হাতীৰ ভয়ত অঞ্চলটোৰ ৰাইজে পহৰা দি আছে যদিও পাহাৰৰ পৰা খাদ্যৰ অভাৱত জনাঞ্চললৈ নামি অহা হাতীৰ জাকটোৱে খেতি পথাৰ অনিষ্ট কৰাৰ লগতে কেইবাঘৰ লোকৰ ভঁৰাল ভাঙি ধান খাইছে।
বন বিভাগক খবৰ দিছে যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ । সম্প্ৰতি এখন হাবিৰ মাজত আবদ্ধ হৈ আছে হাতীৰ জাকটো । শেহতীয়াকৈ বনবিভাগৰ লোক উপস্থিত হৈছে যদিও হাতীৰ জাকটো খেদি পঠিয়াবলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3D8u6YH
via IFTTT
Comments
Post a Comment