সন্দিকৈ কলেজক মাইক্ৰ’কণ্টেইনমেণ্ট জ’ন ঘোষণা…

ডিজিটেল ডেস্কঃ ৭ দিনৰ বাবে বন্ধ কৰা হ’ল সন্দিকৈ কন্যা মহাবিদ্যালয়। কেৱল বন্ধ কৰাই নহয় মহাবিদ্যালয়খনক ঘোষণা কৰা হ’ল মাইক্ৰ’কণ্টেইনমেণ্ট জ’ন হিচাপে। মহাবিদ্যালয়খনৰ কেইবাগৰাকীও অধ্যাপকৰ লগতে শিক্ষাৰ্থী কোৰোনাত আক্ৰান্ত হোৱাৰ বাবে মহাবিদ্যালয়খন বন্ধ কৰা হৈছে আৰু মহানগৰ প্ৰশাসনে মহাবিদ্যালয়খনক মাইক্ৰ’কণ্টেইমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে।

মহাবিদ্যালয়খনৰ কেইবাগৰাকীও অধ্যাপক, শিক্ষাৰ্থী কোৰানাত আক্ৰান্ত হোৱাৰ বাবে আগন্তুক ৭ ডিচেম্বৰলৈ বন্ধ ঘোষণা কৰা হৈছে মহাবিদ্যালয়খন। এই সময়ছোৱাত বন্ধ থাকিব পাঠদান। উল্লেখ্য যে কোৰোনাৰ বাবে দীৰ্ঘদিন ধৰি বন্ধ হৈ আছিল ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ। কোৰনাৰ সংক্ৰমণ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত পুনৰ শিক্ষানুষ্ঠান খুলি দিয়া হৈছিল যদিও বহু কেইখন শিক্ষানুষ্ঠানৰ শিক্ষক, শিক্ষাৰ্থীৰ দেহত কোৰোনা সংক্ৰমণ হোৱাৰ বাবে পুনৰ পাঠদান বন্ধ কৰিবলগীয়া হৈছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3oeDF41
via IFTTT

Comments