হৃদয়হীন সমাজ

অনিমেষ ভূঞাক যোৰহাট চহৰৰ মাজমজিয়াত মৰিয়াই মৰিয়াই হত্যা কৰি এচাম নৰাধমে যি পৈশাচিক আচৰণ আৰু বন্য উন্মাদনা প্ৰদৰ্শন কৰিলে, তাৰ জৰিয়তে আমাৰ অসমীয়া সমাজখনৰ অৱক্ষয়ী চৰিত্ৰ পুনৰবাৰ প্ৰকট হৈ উঠিল। কাৰ্বি আংলঙৰ ডমকাৰ কাথিলাংছ জলপ্ৰপাতৰ নিসর্গ উপভোগৰ বাবে গুৱাহাটীৰ পৰা যোৱা দুই শিক্ষিত, সদাচাৰী প্রকৃতিপ্রেমী যুৱক অভিজিৎ নাথ আৰু নীলোৎপল দাস (অভি-নীল)ক পানীজুৰি গাঁৱৰ এদল উন্মত্ত মানুহে মৰিয়াই মৰিয়াই মৰা ঘটনাই অনুভূতি থকা প্ৰতিজন মানুহৰ হৃদয় মুচৰি পেলাইছিল।
মোক নামাৰিবা, মই অসমীয়া, মোৰ দেউতাৰ নাম গোপাল চন্দ্র দাস, মাৰ নাম ৰাধিকা দাস’ বুলি চিঞৰি চিঞৰি জীৱন ৰক্ষাৰ বাবে কাতৰ অনুৰোধ কৰা নীলোৎপলৰ ভিডিঅ’টো যেতিয়া ম’বাইলে ম’বাইলে ভাইৰেল হৈছিল, সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল, সেই লোমহর্ষক দৃশ্য চাই হাহাকাৰ কৰা সভ্য মানুহৰ মনলৈ প্ৰশ্ন আহিছিল–সভ্য বুলি ভবা আমাৰ সমাজৰে মানুহ ইমান হৃদয়হীন, ইমান নৃশংস হ’ব পাৰেনে!
ক্লিক কৰি পঢ়কঃ অনিমেষ হত্যাকাণ্ডৰ মূল অভিযুক্ত ক’লা ল’ৰা নিহতঃ চাওক কিদৰে মৃত্যু হ’লা ক’লা ল’ৰাৰ….
সেই হৃদয়বিদাৰক ঘটনাটোৰ তিনি বছৰৰ পিচত যোৰহাট চহৰৰ মাজমজিয়াত দিন দুপৰতে সভ্য সমাজৰ অগণন মানুহৰ সন্মুখত, পুলিচৰ চকুৰ আগত একেই ঘটনা ঘটিল। অনিমেষৰ লগতে মৃদুষ্মন্ত আৰু প্রণয়জ্যোতি নামৰ নিমাখিত, সমাজপ্রিয়, জনহিতৈষী যুৱককেইজনেও অভি নীলৰ দৰেই একেদৰেই চিঞৰি চিঞৰি, হাতযোৰ কৰি প্ৰাণভিক্ষা মাগি আৰ্তনাদ কৰিছিল— ‘আমি আছুৰ ল’ৰা, আমি একো দোষ কৰা নাই, আমাক নামাৰিব।’ কিন্তু হৃদয়ত ন্যূনতম মানবীয় অনুভূতিও নথকা ৫০-৬০ জনীয়া উন্মত্ত মানুহৰ দলটোৱে খেদি খেদি কেৱল তিনিওকে প্ৰহাৰ কৰিছিল। তেওঁলোককনো কিয় মাৰিছে তাৰ বিচাৰ-বিবেচনা কৰাৰ প্ৰয়োজনেই বোধ কৰা নাছিল সেই বন্যোন্মাদ জিঘাংসুৰ দলে।
ফলত অনিমেষ নামৰ ২৮ বছৰীয়া ভাল ল’ৰা এটা চিৰদিনলৈ হেৰাই গ’ল মানৱতাহীন সমাজৰ অন্য এক জঘন্য ইতিহাসৰ নিদাৰুণ সাক্ষী হৈ। এনেকুৱা ঘটনাবোৰে মাজে মাজে তোলপাৰ লগাই থাকে, হৃদয় মোচোকা খায় অনুভূতিপ্ৰৱণ মানুহৰ। কিন্তু শেষ হোৱা নাই তথাকথিত সভ্য সমাজৰ নৰাধম, নৰঘাতকৰ জিঘাংসা। ২০১৩ চনৰ ২৫ জুনত মাত্ৰ দহ টকা অট’ ভাড়াৰ বাবে পিতৃৰ সন্মুখতে এনে এচাম নৰঘাতকে মৰিয়াই মৰিয়াই চোঁচৰাই প্ৰাণ লৈছিল ঝংকাৰ শইকীয়া নামৰ কিশোৰজনৰ।
ক্লিক কৰি পঢ়কঃ পুৱাৰ খবৰ…
২০১৯ চনৰ ৩১ আগষ্টত যোৰহাটৰ টীয়ক চাহ বাগিচাত দলবদ্ধ প্ৰহাৰত মৃত্যু হৈছিল দেৱেন দত্ত নামৰ মানৱদৰদী চিকিৎসকজনৰ। এইকেইটা বছা বছা উদাহৰণহে। আমাৰ ৰাজ্যত যোৱা দুটামান দশকত মাজে মাজে সংঘটিত হৈয়ে আছে এনেকুৱা মর্মন্তুদ ঘটনা। কিছুমান পোহৰলৈ আহিছে, মানুহক মনোকষ্ট দিছে আৰু কিছুমান ঘটনা অন্ধকাৰতে থাকি গৈছে। ক্রমবর্ধমান এই নৃশংস, অমানুষিক ঘটনাবোৰে সমাজত শান্তিপূর্ণ জীবন যাপনৰ, ভাতৃত্বপূর্ণ সম্পর্ক প্রতিষ্ঠাৰ, মানুহক বিশ্বাস কৰাৰ পৰিবেশেই প্রায় নোহোৱা কৰি পেলোৱাৰ পৰিপ্ৰেক্ষিতত শুভচিন্তকসকলৰ মনত অৱধাৰিতভাৱেই প্রশ্ন জাগিছে— এনেকৈ সমাজত জীয়াই থকা সম্ভৱনে?
যোৰহাটৰ সোমবাৰৰ ঘটনাটোৱে বহু নতুন প্রশ্ন আৰু সংশয়ৰ জন্ম দিছে। এখন অভিজাত, শিক্ষিত, মর্যাদাসম্পন্ন মানুহেৰে ভৰা চহৰ। ৰাজ্যৰ শৈক্ষিক ৰাজধানী হিচাপেও পৰিচয় আছে এই চহৰখনৰ। ৰাজ্যৰ বহু প্রাতঃস্মৰণীয় ব্যক্তিৰ জন্মস্থান। এনে এখন চহৰত হিতাহিত জ্ঞানশূন্য মানুহে দিন দুপৰত, জনচক্ষুৰ সন্মুখত দলবদ্ধ হত্যাকাণ্ড সংঘটিত কৰিবলৈ সাহস কৰিছে কেনেকৈ? এনে নিকৃষ্ট মানসিকতা জাগ্ৰত হৈছে কিয় ? পৰিবেশৰ অৱক্ষয়ৰ কাৰণ কিছু ইয়াৰ আঁত বিচাৰিলে দেখা যাব যে কেৱল যোৰহাট বুলিয়ে নহয়, ৰাজ্যৰ প্ৰায় প্রতি ঠাইতে দ্রুতভাৱে অৱক্ষয় ঘটিছে মূল্যবোধৰ। ব্যাপক হাৰত বাঢ়ি গৈছে নিচাসক্ত মানুহৰ সংখ্যা।
এসময়ত সুৰুচিপূৰ্ণ সাংস্কৃতিক পৰিবেশ বিৰাজ কৰা যোৰহাট, গোলাঘাট, শিৱসাগৰ, তেজপুৰ, নগাঁৱৰ দৰে চহৰত সুৰাপায়ী, ড্ৰাগছ আসক্তৰ আচৰণ আৰু প্ৰভাৱ দেখিলে তাজ্জৱ মানিব লাগে। আনহাতে ভেদাভেদৰ ৰাজনীতিয়ে সৃষ্টি কৰা তিক্ততাপূর্ণ সম্পৰ্কৰ বাবে সমাজত হেৰাই গৈছে পূৰ্বৰ মধুৰ আন্তৰিকতাপূৰ্ণ পৰিবেশ। ভোগসর্বস্ব চিন্তা চৰ্চাৰ বেষ্টনীত আবদ্ধ হৈ পৰিছে প্ৰায় প্ৰতিটো পৰিয়াল। কেৱল ‘মই’, ‘মোৰ’ চিন্তাই প্রাধান্য পোৱা বাবে নোহোৱা হৈ পৰিছে সমাজমুখী চেতনা। ফলত বিনষ্ট হৈ পৰিছে পূৰ্বৰ শক্তিশালী সামাজিক শৃংখলা।
ত্রিশ-চল্লিশ বছৰৰ আগতে যোৰহাটত একেটা ঘটনা ঘটা হ’লে হয়তো তাক বাধা দিবলৈ এশ মানুহ ওলাই আহিলেহেঁতেন। কিন্তু এতিয়া সন্মুখত কিবা এটা ঘটি থাকিলেও ‘মোৰ কি আহে-যায়’ মনোভাবেৰে মানুহ আঁতৰি যায়। অপদস্থ হোৱাৰ ভয়তো কিছুমানে এনেকুৱা পৰিবেশ এৰাই চলে। অনিমেষৰ হৃদয়বিদাৰক মৃত্যুৰ ঘটনাটোৰ পিচত স্থানীয় সমাজবোৰে কথাবোৰ চিন্তা কৰাৰ প্ৰয়োজন আহিছে। এনেকৈ দুৰ্জন, অসৎ, জিঘাংসু, অসামাজিক লোকক সমাজ নিয়ন্ত্রণ কৰিবলৈ এৰি দি ‘মোৰ কি দৰকাৰ’ ভাবেৰে হাত সাবটি বহি থাকিব নে সমাজ জীৱনক শান্তি-সম্প্রীতি-ভাতৃত্ববোধ, শুভ চিন্তাৰে নিয়ন্ত্ৰণ কৰাৰ পথ ৰচনা কৰাৰ প্ৰয়াস কৰিব।
নিজকে ‘জাতীয় সংগঠন’ বুলি দাবী কৰা অগণন সংগঠন নেতাই বিভিন্ন বিষয়ত তাল-আফাল লগাই থাকে, কিন্তু সমাজৰ অপশক্তিবোৰক নিয়ন্ত্ৰণ কৰিবলৈ তেওঁলোকৰ কৰ্মসূচী কি? চৰকাৰৰ প্ৰশাসন-আৰক্ষীয়ে ঘটনাৰ পিচত তদন্ততে সীমাবদ্ধ থাকিব নে দুর্বৃত্তবোৰক নিপাত-নিষ্ক্ৰিয় কৰিবলৈ কিবা ব্যৱস্থা ল’ব? এনেকুৱা ঘটনাবোৰৰ দোষীক শাস্তিৰ ক্ষেত্ৰত ন্যায় ব্যৱস্থাটোৰো ভূমিকা আশাপ্রদ নহয়। দৃষ্টান্তমূলক শাস্তি অবিহনেই সাৰি যায় বহু জঘন্য অপৰাধী। এই সকলো ক্ষেত্রতে পর্যালোচনা আৰু আত্মবিশ্লেষণ নহ’লে সমাজত শান্তিপূর্ণ জীৱন যাপন অসম্ভৱ হৈ পৰিব।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3E5QymB
via IFTTT
Comments
Post a Comment