অনিমেষ হত্যাকাণ্ডৰ মূল অভিযুক্ত ক’লা ল’ৰা নিহতঃ চাওক কিদৰে মৃত্যু হ’লা ক’লা ল’ৰাৰ….

ডিজিটেল ডেস্কঃ যোৰহাট কাণ্ডৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে ক’লা লৰাৰ মৃত্যু। মঙ্গলবাৰে শেষ নিশা আৰক্ষীৰ বাহনৰ পৰা পলাবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীৰ বাহনৰ খুন্দাত মৃত্যু হয় ক’লা ল’ৰাৰ। যোৰহাটৰ মাজমজিয়াত সংঘটিত হোৱা অনিমেষ বৰা হত্যা কাণ্ডৰ মূল অভিযুক্ত আছিল এই ক’লা ল’ৰা।
আৰক্ষীয়ে সদৰি কৰা মতে মঙ্গলবাৰে নিশা চিনামৰা খৰীয়া চুকুত আৰক্ষীৰ বাহনৰ পৰা জপিয়াই পলাবলৈ চেষ্টা কৰিছিল। সেই সময়ত পাছে পাছে আহি থকা আৰক্ষীৰ আন এখন বাহনে খুন্দিয়াই ক’লা ল’ৰাক। ইয়াৰ পিছতে এই ঘটনাত আহত আঘাতপ্ৰাপ্ত ক’লা ল’ৰাক জে এম চি এইছত ভৰ্তি কৰে।
জে এম চি এইছত চিকিৎসকে Brought Dead ঘোষণা কৰে। আনহাতে এই ঘটনাত আহত হয় আন ৩ জন আৰক্ষী। উল্লেখ্য যে সোমবাৰে বিয়লি যোৰহাটৰ মাজমজিয়াত উদিয়মান ছাত্ৰ নেতা অনিমেষ ভূঞাৰ লগতে আন দুজনক দলবদ্ধভাৱে আক্ৰমণ কৰিছিল ক’লা ল’ৰাৰ নেতৃত্বত প্ৰায় ৫০ জন ব্যক্তিয়ে।
ক’লা ল’ৰাৰ পিতৃ ‘মদাহী বৰ্তা’ক সহায় কৰিবলৈ গৈ দলবদ্ধ আক্ৰমণৰ সন্মুখীন হৈছিল অনিমেষ ভূঞাৰ লগতে মৃদুস্মন্ত বৰুৱা আৰু প্ৰণয় বৰুৱা। এই ঘটনাত প্ৰাণ হেৰুৱালে অনিমেষে। ইয়াৰ পিছতে আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত কৰি ক’লা ল’ৰাৰ সৈতে মুঠ ১৪ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল।
এই ১৪ জনৰে ৭ জনক মঙ্গলবাৰে আদালতে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰাৰ লগতে ৬ গৰাকীক কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। তাৎপৰ্যপূৰ্ণ ভাৱে ক’লা ল’ৰাক যোৰহাট আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱা নাছিল। সমগ্ৰ ৰাজ্যজুৰি ক’লা ল’ৰাৰ ফাঁচীৰ দাবী উত্থাপন হৈছিল।
এই ক’লা ল’ৰ বিৰুদ্ধে পূৰ্বেৰে পৰা আছে ৯০ টা অভিযোগ। ড্ৰাগছ সৰবৰাহৰ দৰে গোচৰো আছে তাৰ বিৰুদ্ধে। আনহাতে এই ঘটনাৰ পিছতে আসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙৰ এটা টুইট ভাইৰেল হৈ পৰিছে। তেওঁ নিশা ২ বাজি ২৯ মিনিটত টুইটাৰত লিখিছে প্ৰতিটো কাৰ্য বা কামৰে সমান আৰু বিপৰীত প্ৰতিক্ৰিয়া থাকে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3lpUMhv
via IFTTT
Comments
Post a Comment