গোসাইগাঁৱত বাইক-১৪ চকীয়া ট্ৰাকৰ মুখামুখি সংঘৰ্ষঃ ৰাজপথতে জ্বলি উঠিল ট্ৰাক, নিহত ২ জন…

ডিজিটেল ডেস্কঃ নিশা হলেই যেন মৃত্যু দূতলৈ পৰিনত হয় অসমৰ ৰাজপথ। বিগত দিন কেইটাত ধাৰাবাহিকভাৱে নিশাৰ ৰাজপথত সংঘটিত হৈ আহিছে ভয়াৱহ পথ দুৰ্ঘটনা। বুধবাৰে নিশা তেনে এক পথ দুৰ্ঘটনাই সংঘটিত হ’ল কোকৰাঝাৰৰ গোসাইগাঁৱৰ ৰাজপথত।

এখন ট্ৰাক আৰু মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষক পিছতে দাওদাওকৈ জ্বলি উঠিল ট্ৰাকখন। জানিব পৰা মতে নিশা এখন ১৪ চকীয়া ট্ৰাক আৰু মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষ হয়। এই ঘটনাৰ পিছেত ১৪ন চকীয়া ট্ৰাকখন ৰাজপথ জ্বলি উঠে। এই ঘটনাত মটৰ চাইকেল আৰোহী দুজন ব্যক্তি নিহত হৈছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/31oNtzM
via IFTTT

Comments