কিদৰে ক’লা ল’ৰাৰ ক’লা অধ্যায় সমাপ্ত হ’ল? আৰক্ষীয়ে ক’লে সবিশেষ…

ডিজিটেল ডেস্কঃঅনিমেষ হত্যা কাণ্ডৰ মূল অভিযুক্ত নীৰজ ওৰফে ক’লা ল’ৰাৰ মৃত্যু হোৱাৰ পিছতে যিদৰে সকলোৱে সন্তুষ্টি প্ৰকাশ কৰিছে একেদৰে জানিবলৈ উৎসুক হৈ পৰিছে কিদৰে মৃত্যু হ’ল নীৰজৰ। আৰক্ষীয়ে তাক নিশা নিছিল কলৈ? নীৰজৰ মৃত্যুৰ সম্পৰ্কত যোৰহাট আৰক্ষীৰ ভাষ্য আহি পৰিছে আমাৰ হাটত।

যোৰহাট আৰক্ষীয়ে নীৰজৰ মৃত্যুৰ প্ৰসংগত সকলো ঘটনাৰ বিৱৰণ দিছে। যোৰহাট আৰক্ষীয় সদৰি কৈছে, নীৰজ ড্ৰাগছ আসক্ত আছিল আৰু ড্ৰাগছ সৰবৰাহৰ লগত জড়িত আছিল। ড্ৰাগছৰ ঘাটি দেখুৱাম বুলি পুলিচক লৈ গৈছিল। লৈ গৈ থাকোতেই চিনামৰাৰ পেট্ৰ’ল পাম্পৰ ওচৰত গাড়ীৰ পৰা জাপ মাৰি পলাবলৈ চেষ্টা কৰিছিল। পিছে পিছে পুলিচৰ আৰু গাড়ীখন গৈ আছিল। পিছৰ গাড়ীখনে তাক বচাবলৈ চেষ্টা কৰিছিল যদিও তাক খুন্দিয়াই আৰু গাড়ীখনে ৱালত খুন্দা মাৰে। এই ঘটনাত পুলিচৰ গাড়ীও ডেমেজ হৈছে, ৩ জন পুলিচৰ মানুহো জখম হৈছে। লগে লগে গোটেই কেইজনকে জে এম চি এইছলৈ লৈ অনা হৈছিল যদিও নীৰজক মৃত বুলি ঘোষণা কৰিলে।

নিশা সংঘটিত হোৱা এই ঘটনাত আহত আৰক্ষীৰ ৩ গৰাকী লোকৰ মাজত আছে ১ গৰাকী চালক আৰু ২ গৰাকী কনিষ্টবল। তেওঁলোকক ৰ্তমান জে এম চি এইছতে চিকিৎসা প্ৰদান কৰি থকা হৈছে। ইফালে নীৰজৰ মৃত্যুৰ লগে লগে যোৰহাটতসৃষ্টি হৈছে দীপাৱলী সদৃশ পৰিৱেশ। ৰাজপথত ফটকা ফুটাই আনন্দ প্ৰকাশ কৰিছে সাধাৰণ জনতাই। প্ৰথমবাৰৰ বাবে কাৰোবাৰ মৃত্যুত আনন্দ উৎসৱ উদযাপন কৰা দেখা গৈছে যোৰহাটত।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3rnQfA0
via IFTTT

Comments