২৫জন অধিবক্তাই আবেদন কৰিও জামিন দিয়াব পৰা নাই প্ৰদীপ দত্ত ৰয়ক…

ডিজিটেল ডেস্কঃ বৰাকত একপ্ৰকাৰৰ অসমীয়া ভাষা নিষিদ্ধ ঘোষণা কৰি ৰঙাঘৰৰ আলহী হোৱা বিৰ্তকিত নেতা প্ৰদীপ দত্ত ৰয়ৰ মুকলি আকাশৰ তললৈ অহা পথ ক্ৰমান্বয়ে যেন কঠিন হৈ পৰিছে। বাৰে বাৰে জামিন বাবে আবেদন কৰাৰ পিছত মঙলবাৰেও আদালতে নাকচ কৰে BDFৰ মুৰব্বী দত্তৰয়ৰ জামিন আবেদন।
আদালতে ৬ ডিচেম্বৰৰ ভিতৰত আৰক্ষীক কেচ ডায়েৰী দিয়াৰ নিৰ্দেশ প্ৰদান কৰিছে। উল্লেখ্য যে, প্ৰদীপ দত্তৰ হৈ আদালতত আবেদন কৰিছিল অধিবক্তাই । প্ৰাপ্ত খবৰ অনুসৰি দত্তৰয়ৰ হৈ আদালতত জামিন আবেদন কৰিছিল ২৫জন অধিবক্তাই।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3d2Mdov
via IFTTT
Comments
Post a Comment