আজি দিনজোৰা কাৰ্যসূচীৰে গৰুখুটি লৈ যাব মুখ্যমন্ত্ৰী…

ডিজিটেল সংবাদ মঙলদৈঃ আজি গৰুখুঁটিলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গৰুখুঁটিত কৃষি প্ৰক্ল পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰীয়ে। উল্লেখযোগ্য যে পূৰ্বেও এবাৰ এই প্ৰকল্প দৰ্শনৰ বাবে মুখ্যমন্ত্ৰী অহাৰ কথা অহাৰ কথা আছিল যদিও সেই কাৰ্যসূচী বাতিল কৰা হৈছিল।
অবৈধ বেদখলৰ বিৰুদ্ধে অভিযান চলাই গৰুখুঁটিত অভিযান চলাই আৰম্ভ কৰা হৈছে কৃষি বিপ্লৱৰ। বিধায়ক পদ্ম হাজৰিকাৰ নেচৃত্বত গৰুখুঁটিত কৃষি কাৰ্য কৰাৰ লগতে গুজৰাটৰ পৰা অনা হৈছে গীৰ গাই। মুখ্যমন্ত্ৰীয়ে এই ভ্ৰমণত কৃষি সম্পৰ্কীয় বহু নতুন ঘোষণা কৰাৰ সম্ভাৱনা আছে।
মুখ্যমন্ত্ৰীৰ আগমণৰ প্ৰতি লক্ষ্য ৰাখি গৰুখুঁটিত ব্যাপক প্ৰস্তুতিৰে মুখ্যমন্ত্ৰীক আদৰিবলৈ সকলো ব্যৱস্থা কৰা হৈছে। এই কৃষি প্ৰকল্পস্থলীতেই নিৰ্মাণ কৰা হৈছে অস্থায়ী হেলিপেড। গৰুখুঁটি প্ৰকল্পত ৰূপায়ণ কৰিব লগীয়া কেইবাখনো আঁচনি শুভাৰম্ভ কৰিব।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/31n5myU
via IFTTT
Comments
Post a Comment