নিশাৰ মহানগৰীত পুনৰ ভয়াবহ পথ দুৰ্ঘটনা…

ডিজটেল ডেস্কঃ নিশাৰ মহানগৰীত পুনৰ পথ দুৰ্ঘটনা। এখন দ্ৰুতবেেগী বাহনে খুন্দা মাৰিলে পথৰ ডিভাইডাৰত। মহানগৰীৰ ভঙাগড়ত বুধবাৰে নিশা সংঘটিত হ’ল এই দুৰ্ঘটনা। মেঘালয়ৰ তুৰাৰ পৰা গুৱাহাটীলৈ আহি থকা এখন ছুইফট ডিজায়াৰ বাহন এই দুৰ্ঘটনাত পতিত হয়।
জানিব পৰা মতে ছুইফট ডিজায়াৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই ভঙাগড় উৰণীয়া সেতুৰ ডিভাইডাৰত খুন্দা মাৰে। ফলত বাহনখনৰ চালক টি এছ মাৰাক গুৰুতৰভাৱে আহত হয়। ইয়াৰ পিছতে মাৰাকক জি এম চি এইছত ভৰ্তি কৰোৱা হয়।
উল্লেখ্য যে ইয়াৰ আগৰ নিশা অৰ্থাৎ মঙ্গলবাৰে নিশা হোৱা এক পথ দুৰ্ঘটনাত মহানগৰীৰ মথঘৰীয়াৰ এগৰাকী যুৱতী নিহত হৈছিল। দুৰ্ঘটনাটো ইমানেই ভয়াবহ আছিল যে ৰাজপথত পৰি ৰৈছিল যুৱতীগৰাকীৰ ছিন্ন মুণ্ড। কেৱল গুৱাহাটীয়েই নহয় বিগত দিন কেইটাত ৰাজ্যৰ বিভিন্ন স্থানত ধাৰাবাহিকভাৱে সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে বহুজনে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3G7F0Qg
via IFTTT
Comments
Post a Comment