দৰঙৰ দলগাঁৱত পুৱতি নিশা বাগৰিল সুৰাভৰ্তি বাহন…

ডিজিটেল সংবাদ, দলগাঁওঃ দৰঙৰ দলগাঁৱত পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দলগাঁও চাৰিআলিত তীব্ৰবেগী সুৰাভৰ্তি বলেৰো পিকাপ ভানে ডিভাইডাৰত খুন্দিয়াই বাগৰি পৰে।

এই দুৰ্ঘটনাত এজন লোক আহত হৈছে৷ গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখে গৈ থকা বলেৰো পিকাপ বাহনখনৰ নম্বৰ এএছ-০১-এইচচি-০১৯১।

দলগাঁও চাৰিআলিত দৈনিক সংঘটিত পথ দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে গতিৰোধক স্থাপন কৰাৰ দাবী তুলিছে স্থানীয় ৰাইজে৷

The post দৰঙৰ দলগাঁৱত পুৱতি নিশা বাগৰিল সুৰাভৰ্তি বাহন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/38hvo47
via IFTTT

Comments

Popular Posts