বিশিষ্ট শিক্ষাবিদ, নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ হেমেন্দ্ৰ কুমাৰ গগৈ আৰু নাই…

ডিজিটেল ডেস্কঃ লখিমপুৰৰ শৈক্ষিক, বৌদ্ধিক আৰু সাংস্কৃতিক জগতৰ ৰূপকাৰ খ্যাত হেমেন্দ্ৰ কুমাৰ গগৈ আৰু নাই। উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ হেমেন্দ্ৰ কুমাৰ গগৈৰ দেওবাৰে পুৱা ৮২ বছৰ বয়সত ৬.৩০ বজাত পৰলোকপ্ৰাপ্তি ঘটে।
দিশপুৰত কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক তথা তেওঁৰ ভাতৃ পূৰ্ণানন্দ গগৈৰ গৃহত পৰলোক প্ৰাপ্তি হয়। লখিমপুৰৰ অগ্নণী শিক্ষানুষ্ঠান উত্তৰ লখিমপুৰ মহাবিদ্যালয়খনক সজাই-পৰাই তোলাৰ ক্ষেত্ৰত হেমেন্দ্ৰ কুমাৰ গগৈৰ অৰিহণা অভুতপূৰ্ব। লখিমপুৰৰ প্ৰায় সকলো অনুষ্ঠানতে সক্ৰিয়ভাৱে জড়িত হেমেন্দ্ৰ কুমাৰ গগৈৰ বিয়োগত লখিমপুৰত সৃষ্টি হৈছে এক শোকাকুল পৰিৱেশৰ।
দেওবাৰে পুৱাই গগৈৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ চৌহদত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। তেওঁৰ বাসগৃহতো বহুলোকে ভিৰ কৰিছে। কিছু সময়ৰ পিছতে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ প্ৰাংগণত তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব। তাৰ পিছতে সম্পন্ন হ’ব তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া।
দীৰ্ঘ দিন ধৰি হৃদ ৰোগত আক্ৰান্ত হৈ থকা শিক্ষাবিদ গৰাকীৰ যোৱা মাহত হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল৷ চিকিৎসাধীন অৱস্থাতে দেওবাৰে পুৱা তেওঁৰ পৰলোকপ্ৰাপ্তি হয়।
The post বিশিষ্ট শিক্ষাবিদ, নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ হেমেন্দ্ৰ কুমাৰ গগৈ আৰু নাই… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2PBI0ge
via IFTTT
Comments
Post a Comment