‘কা’ বিৰোধিতা কৰা ৬ নেতা-ছাত্ৰক সোধ-পোচৰ বাবে তলব অসম আৰক্ষীৰ অপৰাধ শাখাৰ

- ‘কা’ বিৰোধিতা কৰা ৬ নেতা আৰু ব্যক্তিক অসম আৰক্ষীয়ে জেৰা কৰিব বুধবাৰে।
- অসম আৰক্ষীৰ অপৰাধ শাখাই সোধ-পোচৰ বাবে তলব কৰিছে তেওঁলোকক।
- অসম আৰক্ষীৰ অপৰাধ শাখাই তলব কৰা সকলৰ ভিতৰত আছে একালৰ কৃষক মুক্তিৰ সৈতে জড়িত তথা বৰ্তমান ‘স্বৰাজ অসম’ৰ আহ্বায়ক ভবেন সন্দিকৈ, কৃষক মুক্তিৰ সৈতে জড়িত ভাষ্কো ডি শইকীয়া, অসুসূচিত জাতি যুৱ পৰিষদৰ ৰুবুল দাস, কৃষক মুক্তিৰ উপদেষ্টা সুব্ৰত চক্ৰৱৰ্তী।
- তেওঁলোকৰ উপৰিও আৰু দুজনক জেৰা কৰিব পানবজাৰত থকা অসম আৰক্ষীৰ অপৰাধ শাখাৰ কাৰ্যালয়ে।
- পৃথকে পৃথকে আটাইকেইজন নেতাক মতা হৈছে সোধ-পোচৰ বাবে।
- আৰক্ষীৰ বিশেষ সূত্ৰই সদৰি কৰিছে এই কথা।
- দুপৰীয়া ১২ বজাৰ পৰা পৃথকে-পৃথকে কৰিব সোধ-পোচ।
The post ‘কা’ বিৰোধিতা কৰা ৬ নেতা-ছাত্ৰক সোধ-পোচৰ বাবে তলব অসম আৰক্ষীৰ অপৰাধ শাখাৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3ctXPPF
via IFTTT
Comments
Post a Comment