দিল্লীৰ হিংসাত্মক ঘটনাত নিহতৰ সংখ্যা ৪৬ জনলৈ বৃদ্ধি, সোমবাৰে কেনে পৰিস্থিতি…

ডিজিটেল ডেস্কঃ উত্তৰ পূব দিল্লীত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ এতিয়া শাম কাটিছে। পৰিস্থিতি অধিক উত্তপ্ত হোৱাৰ পিছত লাহে লাহে ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে গোকুলপুৰী, মৌজপুৰ আদি অঞ্চল। বৃহস্পতিবাৰৰ পৰাই এখন দুখনকৈ হিংসাজৰ্জৰ অঞ্চলসমূহত দোকান পোহাৰ খুলিবলৈ আৰম্ভ কৰাৰ লগতে ৰাজপথত আৰম্ভ হৈছে যান বাহনৰ চলাচল।

তথাপিও দিল্লীত যিকোনো সময়তে পৰিস্থিতিৰ অৱনতি ঘটনাৰ আশংকা কৰি বৰ্তমানেও মোতায়েন হৈ আছে আৰক্ষী নিৰাপত্তাৰক্ষী। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কোনো কোনো অঞ্চলত মোতায়েন কৰা হৈছে অতিৰিক্ত অৰ্ধ সামৰিক বাহিনীয়ে। আনহাতে শ্বাহীন বাগ অঞ্চলত দিল্লী আৰক্ষীয়ে ড্ৰোণৰ জৰিয়তে সংঘটিত হ’ব পৰা যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে। উল্লেখ্য যে, শ্বাহীন বাগত পথ অৱৰোধৰ বিৰুদ্ধে ১ মাৰ্চত হিন্দু সেনাই প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা আছিল যদিও উত্তৰ পূব দিল্লীৰ ভয়াবহ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সেই প্ৰতিবাদী কাৰ্যসূচী বাতিল কৰে।

উত্তৰ পূব দিল্লীত বিগত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিত দেওবাৰ পৰ্যন্ত ৪৩ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হৈছিল দুই শতাধিক লোক। আহত সকলক বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন কৰি ৰখা হৈছে। ইফালে সোমবাৰে চৰকাৰীভাৱে সদৰী কৰা তথ্য অনুসৰি নিহতৰ সংখ্যা বৃদ্ধি পাইছে ৪৬ জনলৈ।

নিহত সকলৰ ৩৮ গৰাকী টেগ বাহাদুৰ হস্পিতালত, ৩ গৰাকী লোক নায়ক হাস্পতালত, এগৰাকী জগ পাৰভেজ চন্দ্ৰ হাস্পতালত আৰু ৪গৰাকীৰ ড০ ৰাম মনোহৰ লোহিয়া হাস্পতালত মৃত্যু হোৱা বুলি সদৰী কৰিছে দিল্লী চৰকাৰে। আনহাতে চিকিৎসাধীন হৈ থকা আন ভালেকেইজনৰ অৱস্থাও সংকটজনক বুলি জানিব পৰা গৈছে।

আনফালে দিল্লীৰ এই ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে ২৫৪ টা গোচৰ ৰুজু কৰাৰ লগতে হিংসাত্মক ঘটনাৰে জড়িতৰ সন্দেহত ৯০৩ জনক গ্ৰেপ্তাৰ আৰু আটক কৰি তদন্ত অব্যাহত ৰাখিছে। দিল্লী আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই জানিবলৈ দিয়া মতে, ইয়াৰে ৪১ জনৰ বিৰুদ্ধে অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

The post দিল্লীৰ হিংসাত্মক ঘটনাত নিহতৰ সংখ্যা ৪৬ জনলৈ বৃদ্ধি, সোমবাৰে কেনে পৰিস্থিতি… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2wfHg9z
via IFTTT

Comments

Popular Posts