ভয়ংকৰ দুৰ্ঘটনাত পতিত ৩খন কয়লা ভৰ্তি ট্ৰাক

  • মঙলবাৰে নিশা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত কয়লা ভৰ্তি ট্ৰাকৰ দৌৰাত্ম্য।
  • নগাঁৱৰ কঠীয়াতলীত নিশা কয়লা ভৰ্তি ট্ৰাকৰ চেপাত প্ৰাণ গ’ল এজনৰ।
  • দুখন কয়লাভৰ্তি ট্ৰাকে অভাৰটেক কৰিবলৈ গৈ মহতিয়াই নিলে ইখনে-সিখনক।
  • থিতাতে নিহত এজন ট্ৰাক চালক, আহত এজন৷
  • নিশা হ’লেই ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত দৌৰাত্ম্য চলে চুপাৰী আৰু কয়লা ভৰ্তি শ শ ট্ৰাকৰ৷
  • মেঘালয়ৰ পৰা গুৱাহাটী অভিমুখী তিনিখন তীব্ৰবেগী কয়লা ভৰ্ত্তি ট্ৰাকৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা৷
  • তীব্ৰ বেগত অভাৰটেক কৰিবলৈ গৈ এএছ-০৯-চি-৮৯৫৭ নম্বৰৰ ট্ৰাকখনক মহতিয়াই নিয়ে পিবি-০২-ডিকিউ-৫০৫৯ নম্বৰৰ ট্ৰাকখনে৷
  • দুৰ্ঘটনাগ্ৰস্ত আনখন ট্ৰাক পিবি-১১-চিএফ-৫৯০১।

The post ভয়ংকৰ দুৰ্ঘটনাত পতিত ৩খন কয়লা ভৰ্তি ট্ৰাক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3csMmQh
via IFTTT

Comments

Popular Posts