ভাৰত স্বাধীনতাৰ মুক্তিযুঁজাৰু, ইছলামীক পণ্ডিত আমিৰে শ্বৰীয়ত তৈয়বুৰ ৰহমান বৰভূঞা আৰু নাই
ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৭ ফেব্ৰুৱাৰী:
উত্তৰ-পূব ভাৰতৰ বিশিষ্ট আধ্যাত্মিক গুৰু, বিদগ্ধ শিক্ষাবিদ তথা আমিৰে শ্বৰিয়ত নদৱাতুত তামীৰ হজৰত আল্লামা ড০ তৈয়বুৰ ৰহমান বৰভূঞা আৰু নাই। সকলোকে শোক সাগৰত ডুবাই ইহলীলা সম্বৰণ কৰিলে ইছলামিক পণ্ডিত ড০ তৈয়বুৰ ৰহমান বৰভূঞাই। একৈশ শতিকাৰ ইছলামী পুনৰ্জাগৰণ আন্দোলনৰ অন্যতম ৰাহব্বৰে মিল্লত এই যুগৰ এক বিৰল ব্যক্তিত্বসম্পন্ন হজৰত আল্লামা ড০ বৰভূঞাই আজি দিনৰ ১২:০৫ বজাত হাইলাকান্দিৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। কাইলৈ পুৱা ১০ বজাত নিজা বাসগৃহত সম্পন্ন হ’ব জানাজাৰ নামাজ।
উত্তৰ-পূব ভাৰত আমিৰে শ্বৰিয়ত তথা বৃহত্তম দ্বীনি ও সামাজিক সংগঠন নদুৱাতুত তামিৰৰ আমিৰ হিচাপে গুৰু দায়িত্ব পালন কৰি আছিল ড০ বৰভূঞাই। অসাধাৰণ পাণ্ডিত্য আৰু সুযোগ্য নেতৃত্বৰ বাবে ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় ক্ষেত্ৰতো তেওঁ বিশেষ সুনাম অৰ্জন কৰিছে। ড০ বৰভূঞাই উত্তৰ-পূব ভাৰতৰ প্ৰখ্যাত মোজাদ্দিদ হজৰত মৌলানা আব্দুল জলীল চৌধুৰী বদৰপুৰী (ৰহঃ) দ্বাৰাই প্ৰতিষ্ঠিত ইছলামী সমাজ বিপ্লৱৰ ধাৰাক শক্তিশালী কৰি এক নতুন মাত্ৰা দিবলৈ সক্ষম হৈছিল। ১৯৩১ চনৰ ২৬ জুন শুক্ৰবাৰে দক্ষিণ অসমৰ সীমান্ত জিলা হাইলাকান্দিৰ ৰাঙ্গাউটি গাঁৱৰ এক সম্ভ্ৰান্ত ধাৰ্মিক পৰিয়ালত জন্মগ্ৰহণ কৰিছিল ড০ বৰভূঞাই। পিতাৰ নাম আছিল মৌলানা আজিমউদ্দিন বৰভূঞা আৰু মাতৃৰ নাম আছিল মৰহুমা সায়ৰাবান বিবি। ২০নং ৰাঙ্গাউটি প্ৰাথমিক বিদ্যালয়ৰ পৰা তেওঁৰ শিক্ষাজীৱন আৰম্ভ হয়। প্ৰাথমিক শিক্ষা শেষ কৰি হাইলাকান্দি ছিনিয়ৰ মাদ্ৰাছাত শিক্ষা আৰম্ভ কৰে। কৃতিত্বৰ স্বাক্ষৰ স্বৰূপে ১৯৫৩ চনত মাদ্ৰাছা ইন্টাৰমেডিয়েট আৰু ১৯৫৫ চনত এফ এম (ফাদিদুল মা’আৰিফ) ডিগ্ৰী লাভ কৰে। তাৰ পিছত বদৰপুৰত থকা দেওৰাইল টাইটেল মাদ্ৰাছাত ভৰ্তি হয়। তাতেই অলিকুল শিৰোমণি হজৰত মৌলানা আব্দুল জলীল চৌধুৰীৰ ওচৰত হাদীছ শাস্ত্ৰ অধ্যয়ন কৰাৰ লগতে তেখেতৰ পৰা ইলমে মাৰিফতৰ জ্ঞান সংগ্ৰহ কৰে। ১৯৫৭ চনত সেইখন মাদ্ৰাছাৰ পৰাই ইছলামী শিক্ষাৰ স্নাতকোত্তৰ সমতুল্য এম এম (মমতাজুল মুহাদ্দিছিন) ডিগ্ৰী লাভ কৰে। মাদ্ৰাছা পৰিষদ আটাইকেইটা পৰীক্ষাতে প্ৰথম বিভাগৰ প্ৰথম স্থান অধিকাৰ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। ১৯৭৫ চনত আলজামিয়াতুল আৰবীয়াতুল ইছলীয়াখ্যাত দেওৰাইল টাইটেল মাদ্ৰাছা বাৰ্ষিক খতমে বোখাৰী উপলক্ষে আয়োজিত সমাৱৰ্তনত তেখেতক স্বৰ্ণপদক প্ৰদান কৰা হয়। ইয়াৰোপৰি ১৯৭১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আৰবী বিষয়ত স্বৰ্ণপদকসহ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ অধীনৰ বিশাৰদ পৰীক্ষাত ১৯৫৫ চনত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ৰূপৰ পদক লাভ কৰে। পিতৃৰ উপদেশ সাৰোগত কৰি মাদ্ৰাছা শিক্ষাদানত ব্ৰতী হোৱাকে জীৱনৰ মূল লক্ষ্য স্থিৰ কৰে। যাৰ ফলত মাষ্টাৰ ডিগ্ৰী অৰ্জনৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয় তথা কটন কলেজৰ দৰে প্ৰসিদ্ধ শিক্ষানুষ্ঠানত নিযুক্তি লাভ কৰাৰ সুযোগ পায়ো সেয়া গ্ৰহণ নকৰিলে। ১৯৫৭ চনত এজন হিন্দী শিক্ষক হিচাপে নিযুক্তি লাভ কৰি কৰ্মজীৱন আৰম্ভ কৰে। এই পদৰ পৰা ক্ৰমান্বয়ে পদোন্নতি লাভ কৰি অৱশেষত ১৯৭৬ চনত উক্ত মাদ্ৰাছাৰ অধীক্ষক পদত নিযুক্ত হয়। প্ৰায় ২০ বছৰ কাল অধীক্ষক হিচাপে নিষ্ঠাৰে দায়িত্ব ও কৰ্তব্য পালন কৰি ১৯৯৬ চনত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। উল্লেখযোগ্য যে হাদীছ শাস্ত্ৰত অগাধ পাণ্ডিত্যৰ বাবে তেখেতক বদৰপুৰ দেওৰাইল টাইটেল মাদ্ৰাছাৰ পৰা অতিৰিক্তভাৱে পাঠদানৰ আমন্ত্ৰণ জনোৱাত ১৯৭১ চনৰ পৰা বহুদিন তাত তিৰমিজী আৰু মুছলিম শ্বৰীফৰ পাঠদান কৰে। ২০০২ চনৰ পৰা তেখেত কাছাৰ টাইটেল মাদ্ৰাছাৰ শ্বেইখুল হাদীছ হিচাপে দায়িত্ব পালন কৰে। তেখেত অসম নদুৱাতুত তামিৰৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। ইয়াৰোপৰি তেখেত প্ৰায় ২৩ বছৰ হাইলাকান্দি জিলা কাজি-শ্বৰিয়ত পদত নিযুক্ত আছিল। উত্তৰ-পূব ভাৰত এমৰাতে শ্বৰীয়াহ ও নদুৱাতুত তামিৰৰ প্ৰতিষ্ঠাপক হজৰত মৌলানা আব্দুল জলীল চৌধুৰী (ৰহ:) তেখেতৰ ইন্তেকালৰ পিছত ২০ ডিচেম্বৰ ১৯৮৯ চনত তেখেতক দ্বিতীয় আমিৰে শ্বৰিয়ত মনোনীত কৰা হয়। তাৰ পিছত ২৪ ডিচেম্বৰ ১৯৮৯ চনত সৰ্বভাৰতীয় মুছলিম পাৰ্ছনেল ল ব’ৰ্ডৰ আজীৱন সদস্য নিৰ্বাচিত হয়। অনুৰূপভাৱেই তেখেতে সৰ্বভাৰতীয় ফিক্কহ একাডেমীৰ সৈতে জড়িত হৈ উত্তৰ-পূব ভাৰতক প্ৰতিনিধিত্ব কৰে। তেখেতে বিভিন্ন সময়ত চৰকাৰী ও বেচৰকাৰী নানা প্ৰতিষ্ঠানৰ সৈতে যুক্ত হৈ নেতৃত্ব প্ৰদান কৰিছিল। আমিৰে শ্বৰিয়ত তেখেতৰ সমগ্ৰ জীৱনটোৱেই যেন একোটা সংগ্ৰামী প্ৰতিষ্ঠান। বিশেষকৈ উত্তৰ-পূব ভাৰতৰ পিছপৰা মুছলমান সমাজৰ দ্বীনি আৰু আৰ্থ-সামাজিক অৱস্থাৰ পৰিৱৰ্তনসহ মানৱ জাতিৰ সৰ্বাঙ্গীণ কল্যাণৰ উদ্দেশ্যে তেখেতৰ জীৱন উৎসৰ্গিত। মানুহক মহানবী(ছ:)ৰ সুন্দৰতম আদৰ্শৰ প্ৰতি আহ্বান কৰাৰ উপৰি শিক্ষা-দীক্ষাত আগ্ৰহী কৰি তুলিবলৈ গাঁৱে-ভূঞে গৈ ওৱাজ-নছিহত তথা দাৱাতে তাবলীগৰ মাধ্যমেৰে তেখেতৰ সংগ্ৰাম চলাই গৈ আছে, যি সমকালীন মুছলিম বিশ্বৰ এক বিৰল দৃষ্টান্ত। দ্বীনি খেদমতৰ উদ্দেশ্যে তেখেতে আৰবী, বাংলাত কেইবাখনো গ্ৰন্থ ৰচনা কৰিছে। চৰকাৰী ও বেচৰকাৰীভাৱে বিভিন্ন সময়ত তেখেতক অনেক সন্মানজনক পুৰস্কাৰেৰে ভূষিত কৰা হয়। শিক্ষা ও সমাজ উন্নয়নৰ ক্ষেত্ৰত বিশেষ অৱদানৰ স্বীকৃতি স্বৰূপে ২০১৬ চনত তেখেতক ইউনিভাৰ্ছিটী অৱ ছাইন্স এণ্ড টেকন’লজী, মেঘালয়ৰ তৰফৰ পৰা ডি.লিট. উপাধি প্ৰদান কৰা হয়। কৰ্মজীৱনত এজন আদৰ্শ শিক্ষক হিচাপে তেখেতে ১৯৮২ চনত কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ চেণ্ট্ৰেল ৱাক্ফ ব’ৰ্ডৰ পৰা সন্মান লাভ কৰে। ১৯৮৮ চনৰ ৫ ছেপ্টেম্বৰ তাৰিখে এজন কৃতী শিক্ষক হিচাপে ৰাষ্ট্ৰপতি পুৰস্কাৰ লাভ কৰে। ২০১৫ চনত অসম চৰকাৰৰ ‘আহমদ আলী বাঁশকান্দি বঁটা’ লাভ কৰে। ২০১৪ চনৰ ২৫ ফেব্ৰুৱাৰী তাৰিখে বাংলাদেশৰ ছিলেট জিলাৰ জকিগঞ্জ শিক্ষা ও সমাজ উন্নয়ন সংস্থাৰ পৰা স্মাৰক সন্মান লাভ কৰে। ইয়াৰোপৰি দেশৰ সাম্প্ৰদায়িক সম্প্ৰীতি অক্ষুণ্ণ ৰখাৰ আজীৱন সংগ্ৰামৰ স্বীকৃতি স্বৰূপেও অনেক সন্মান লাভ কৰে। ২০১২ চনৰ ১৫ আগষ্ট তাৰিখে হাইলাকান্দি জিলাৰ উপায়ুক্তৰ পৰাও এক বিশেষ সন্মান লাভ কৰে। সাহিত্য- সংস্কৃতিৰ ক্ষেত্ৰত তেখেতৰ অসীম অৱদানৰ বাবে ২০১৩ চনত বৰাক উপত্যকা বঙ্গ-সংস্কৃতি সন্মিলনৰ অধিৱেশনতো পুৰস্কৃত কৰা হয়। ইয়াৰোপৰি তেখেতে অধ্যাপক কামৰুল হক স্মাৰক সন্মান, মৌলানা আজাদ স্মাৰক-২০১৪ আদিৰ দৰে সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। বহুমুখী প্ৰতিভাৰ অধিকাৰী তথা কালজয়ী এই বিৰল ব্যক্তিত্বৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ মুছলমান সমাজে আধ্যাত্মিক জীৱন উজ্জীৱিত কৰিছে ও মজাদ্দিদে মিল্লত হজৰত মৌলানা আব্দুল জলিল চৌধুৰী (ৰহ:)ৰ সুযোগ্য খলিফা হিচাপে দায়িত্ব পালন কৰি তেখেতে ইলমে মা’ৰিফত জগতত কুতবুল ইৰশ্বাদ উপাধিৰে খ্যাত হৈছে। তেখেতৰ তত্ত্বাৱধানত প্ৰতিবছৰে ভাৰত ও বাংলাদেশৰ বিভিন্ন স্থানত আধ্যাত্মিক প্ৰশিক্ষণ কেন্দ্ৰ অনুষ্ঠিত হয়। চিশতিয়া তৰিকাৰ আউলীয়া কেৰামৰ দৰে তেখেতেও প্ৰসিদ্ধ চাৰি তৰিকাৰ বয়াত গ্ৰহণ কৰি লাখ লাখ মুৰিদক আধ্যাত্মিক জীৱনৰ সঠিক পথ দেখুৱাই গৈ আছে। তেখেতে এই পৰ্যন্ত মুঠ সাতবাৰ পবিত্ৰ হাৰামাইন শ্বৰীফ জিয়াৰতৰ সৌভাগ্য অৰ্জন কৰিছিল। আল্লাহ ৰচুলৰ প্ৰতি এশ্বক্ক ও ভালপোৱাৰ এক জীৱন্ত প্ৰতীক আছিল এই মহান ইছলামিক পণ্ডিতগৰাকী।
The post ভাৰত স্বাধীনতাৰ মুক্তিযুঁজাৰু, ইছলামীক পণ্ডিত আমিৰে শ্বৰীয়ত তৈয়বুৰ ৰহমান বৰভূঞা আৰু নাই appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2Tgwaer
via IFTTT
Comments
Post a Comment