ভিডিঅ’ কনফাৰেন্সযোগে কি ক’লে প্রধানমন্ত্ৰী মোডীয়ে…

ডিজিটেল ডেস্কঃ বিৰোধীৰ তীব্ৰ সমালোচনাৰ মাজতে বৃহস্পতিবাৰে বিজেপিৰ ‘মেৰা বুধ, সবচে মজবুত’ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১ কোটিৰো অধিক বিজেপি কৰ্মকৰ্তা আৰু অন্য বিশিষ্ট ব্যক্তিসকলৰ সৈতে এক ভিডিঅ’ কনফাৰেন্সযোগে আলোচনাত মিলিত হয়। বিজেপিয়ে দাবী কৰা যে, এয়া সমগ্ৰ বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি সংখ্যক লোক মিলিত হৈ ভিডিঅ’ কনফাৰেন্সযোগে কৰা আলোচনা।
প্ৰধানমন্ত্ৰী মোডীয়ে কাৰ্যসূচীটোত ভিডিঅ’ কনফাৰেন্স যোগে কয়- ‘ভাৰতৰ মনৰ কথা’ৰ অন্তৰ্গত প্ৰত্যেকগৰাকী দেশৰ নাগৰিকে পোনপটীয়াকৈ নিজৰ কথা মোক ক’ব পাৰে। আপোনালোকে সুনিশ্চিত কৰক যাতে, আপোনালোকৰ বুথৰ বেছিভাগ লোকে নিজৰ নিজৰ মত প্ৰদান কৰিব পাৰে যেন। ইয়াৰ দ্বাৰা ২০১৯ৰ সংকল্প পত্ৰ শুদ্ধকৈ প্ৰস্তুত কৰিব পৰা যাব।’
বিজেপিৰ প্ৰত্যেকজন কৰ্মকৰ্তা সকলক ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত আৰু অধিক কাম কৰিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰী মোডীয়ে। তেওঁ লগতে কয় যে- দেশৰ বীৰ জোৱানসকলে সীমান্তত আৰু সীমাৰ সিপাৰেও নিজৰ পৰাক্ৰমতা দেখুৱাইছে আছে। সমগ্ৰ দেশ একগোট হৈছে আৰু জোৱানসকলৰ সৈতে আছে। বিশ্বই আমাৰ ইচ্ছাশক্তি আৰু মনোবল দেখিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দলটোৰ কৰ্মকৰ্তাসকলক একত্ৰিতভাৱে প্ৰগতিৰ পথত আগবাঢ়িবলৈ আহ্বান জনায়।
তেওঁ কয় যে- ভাৰত আজি এনে এক স্তৰত আছে, য’ৰ পৰা এখন নতুন ভাৰত আমি আগতীয়াকৈ দেখিবলৈ পাইছো। ইয়াৰ বাবে কোটি কোটি জনে সংবাদ আৰু অংশগ্ৰহণ কৰাটো প্ৰয়োজনীয়। আমাৰ বুথ কৰ্মকৰ্তাসকলেই আমাৰ নায়ক। যদি তেওঁলোকে চেষ্টা কৰে তেন্তে নতুন ভাৰত নিৰ্মাণ কৰিবলৈ আমি সকলো সফল হ’ম।
ইফালে, ত্ৰিপুৰা বিজেপিৰ কৰ্মকৰ্তাই সোধা এক প্ৰশ্নৰ উত্তৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়- ‘অহা ২ মাৰ্চত সমগ্ৰ ভাৰততেই বিজয় সংকল্প ৰেলী বাহিৰ কৰা হ’ব। দেশৰ যুৱ প্ৰজন্মই এই ৰেলীত অংশ লোৱাটো প্ৰয়োজনীয়। আৰু প্ৰত্যেকজন বুধ কৰ্মকৰ্তাসকলক দায়িত্ব দিলো যে, প্ৰতিজন বুথ কৰ্মকৰ্তাই ১০টা পৰিয়ালৰ সৈতে তৃণমূল পৰ্যায়ৰ পৰা সম্বন্ধ ৰাখিব আৰু চৰকাৰে কৰা কামবোৰৰ বিষয়ে জনাব।’
‘আমাৰ দলৰ প্ৰকৃত শক্তি দলটোৰ কৰ্মকৰ্তাসকল। ইয়াত প্ৰতিজন কৰ্মকৰ্তাই সিদ্ধান্ত লয় আৰু সেয়েহে মোৰ দৰে এজন কৰ্মকৰ্তাই প্ৰধানমন্ত্ৰী হৈ দেশৰ সেৱা কৰিব পাৰিছে। গণতন্ত্ৰ বিজেপিৰ ডি এন এত আছে।’- এনেদৰেও মন্তব্য প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
আনহাতে, দলটোৰ এজন নেতাৰ এক প্ৰশ্নত প্ৰধানমন্ত্ৰীগৰাকীয়ে উত্তৰ দিয়ে- ‘বিৰোধীয়ে কৈছিল যে বিজেপিয়ে দক্ষিণ ভাৰতত নিৰ্বাচন জিকিব নোৱাৰে বুলি। কিন্তু আমি দক্ষিণ ভাৰতো নিৰ্বাচনত জয়ী হৈছো আৰু বৃহৎ সংখ্যক আসন দখল কৰিছো। আগন্তুক নিৰ্বাচনত আমাৰ জয়ক লৈ আমি নিশ্চিত।’
প্ৰধানমন্ত্ৰী মোডীয়ে ছ’চিয়েল মিডিয়াৰ সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে। তেওঁ কয়- ‘ছ’চিয়েল মিডিয়া এক গণতান্ত্ৰিক মিডিয়া। ইয়াত প্ৰতিজন ব্যক্তিয়ে নিজৰ মনৰ কথা ক’বলৈ সুবিধা পায়। ছ’চিয়েল মিডিয়াই কেৱল ভাৰততেই নহয়, সমগ্ৰ বিশ্বতেই ইয়াৰ প্ৰভাৱ পেলাইছে। ছ’চিয়েল মিডিয়াৰ জৰিয়তে আমাৰ চৰকাৰে ৰাইজক সহায় কৰিছে। লাগিলে সেয়া ভিছাৰ ক্ষেত্ৰতেই হওঁক বা ৰে’লৰ ক্ষেত্ৰতেই হওঁক। ছ’চিয়েল মিডিয়াত থকা মোৰ লাখ লাখ সমৰ্থকসকলক ক’ব বিচাৰিছো যে- আমাৰ চৰকাৰৰ দ্বাৰা সুবিধা লাভ কৰা কোটি কোটি লোকৰ সৰু সৰু ভিডিঅ’ বনাই ছ’চিয়েল মিডিয়াত শ্বেয়ৰ কৰক। লগতে ক’ব বিচাৰিছো যে, ভুৱা খবৰ সমূহত মনযোগ নিদিব।’
The post ভিডিঅ’ কনফাৰেন্সযোগে কি ক’লে প্রধানমন্ত্ৰী মোডীয়ে… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2tJGXPI
via IFTTT
Comments
Post a Comment